Bangladesh Crisis:পুনৰ উত্তপ্ত হ’ল বাংলাদেশ

11 12

Bangladesh Crisis:পুনৰ উত্তপ্ত হ’ল বাংলাদেশ

বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহত ক্ষুব্ধ জনতাৰ অগ্নিসংযোগ

অগ্নি সংযোগ শ্বেইখ হাছিনাৰ বাসগৃহতো

পুনৰ জ্বলিছে বাংলাদেশ ৷ যোৱা নিশাৰে পৰা ক্ষুব্ধ জনতাই ৰাজধানী ঢাকা সহ বন্দৰ নগৰী ছত্ৰগ্ৰামত স্বাধীন বাংলাদেশৰ প্ৰতিষ্ঠাতা শেখ মজিবুৰ ৰহমানৰ ধানমন্দী ৩২ত থকা মেম’ৰিয়েল মিউজিয়াম হিচাপে থকা বাসগৃহত হাজাৰ হাজাৰ লোকৰ আক্ৰমণ কৰি অগ্নিসংযোগ কৰে ৷

শ্বেইখ হাছিনাৰ ভাৰ্চুৱেল ভাষণৰ পিছতেই বাংলাদেশত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ | বাংলাদেশৰ ছাত্ৰ আৰু জনতাক উদ্দেশ্যি শ্বেইখ হাছিনাই দিয়া ভাষনৰ পিছতেই অগ্নিগৰ্ভা হৈ পৰে বাংলাদেশ |

প্ৰতিবাদী সমদলে শ্বেখ হাচিনা মূর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে বাংলাদেশ

বুলডজাৰসহ সমদল কৰি অহা সহস্ৰাধিক ক্ষুব্ধ জনতাই শ্বেইখ হাছিনাৰ বাসগৃহৰ লগতে বহু কেই গৰাকী আবামী লীগৰ নেতাৰ বাসগৃহও আক্ৰমণ কৰি জ্বলাই দিয়ে ৷

শেহতীয়া খবৰ অনুসৰি ক্ষুব্ধ জনতাই আবামী লীগ নিষিদ্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদেৰে ঢাকা মহানগৰ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী সমদলে শ্বেখ হাচিনা মূর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে  |

বাংলাদেশ এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ  ইউনুছ প্ৰসাশণ ৷ নিৰৱ দৰ্শক হৈ ৰৈছে আৰক্ষী আৰু সেনা উল্লেখ্য যে ,বিগতবৰ্ষৰ আগষ্টত চুবুৰীয়া দেশত বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ ফলশ্ৰুতিত আবামী লীগৰ নেত্ৰী তথা প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা ক্ষমতাচ্যুত হৈ দেশান্তৰিত হোৱাৰ পিছত দেশ খনৰ ক্ষমতাত অধিস্থিত হয় ড:মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ ৷

Exit mobile version