CM met with the Koch Rajbongshi Sanmilita Manch:
অবিভক্ত গোৱালপাৰা আৰু বিটিআৰৰ পাঁচখন জিলাত বসবাস কৰা কোচ ৰাজবংশীসকলক ভৈয়াম জনজাতিৰ মর্যাদা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ বাবে বিধানসভাৰ আগন্তুক অধিবেশনতে বিধেয়ক উত্থাপন কৰা হ’ব বুলি বুধবাৰে কোচ ৰাজবংশী সম্মিলিত মঞ্চৰ লগত দিছপুৰত মুখ্যমন্ত্রী পর্যায়ত অনুষ্ঠিত বৈঠকত প্রস্তাৱ লোৱা হয়।
উল্লেখ্য যে জনজাতিকৰণকে মুখ্য কৰি কোচ ৰাজবংশীসকলৰ কে’বাটাও দাবী পূৰণৰ বাবে সম্মিলিত মঞ্চ বিশেষভাৱে সৰৱ হৈ আহিছে। অলপতে সংগঠনটোৱে অসম বন্ধৰ আহ্বানো জনাইছিল। অৱশ্যে চৰকাৰৰ আহ্বানত পৰৱৰ্তী সময়ত বন্ধ প্রত্যাহাৰ কৰা হয় আৰু তাৰ বিনিময়তে আজিৰ এই আলোচনা অনুষ্ঠিত হয়।
ইয়াৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৰ লগত কথা পাতি বিশেষকৈ ভূমিৰ ক্ষেত্ৰত সংৰক্ষিত শ্ৰেণীৰ অধিকাৰ প্ৰদানৰ চেষ্ট কৰাৰ আশ্বাসো বৈঠকত মুখ্যমন্ত্রীয়ে দিয়ে। ইপিনে, অবিভক্ত গোৱালপাৰাত বাস কৰা কোচ ৰাজবংশীসকলৰ ভূমি আন লোকে ক্ৰয় কৰিব নোৱাৰাৰ আইনো প্রণয়ন কৰা হ’ব বুলি এই বৈঠকতে মুখ্যমন্ত্রীয়ে সদৰী কৰাৰ কথা ৰায়ে জনায়।
মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ উপৰি মন্ত্রীদ্বয় পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাও উপস্থিত থকা এই আলোচনাত কোচ ৰাজবংশী সম্মিলিত মঞ্চৰ প্ৰায় ২২ জনীয়া এটা দলে ভাগ লয়। আলোচনা ফলপ্রসূ হোৱা বুলিও মঞ্চৰ নেতৃত্বই জনায়।