Gang-Rape Incident In Tamilnadu:নাৰকীয়! বিদ্যালয়ত ছাত্রীক ‘গণধর্ষণ’ তিনি শিক্ষকৰ

gang rape

Gang-Rape Incident In Tamilnadu:

তামিলনাডুত জঘন্য কাণ্ড। বিদ্যালয়ৰ তিনিজন শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী নাবালিকা ছাত্ৰী । বিদ্যালয়ৰ চৌহদত দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ । তামিলনাডুৰ কৃষ্ণগিৰি জিলাত সংঘটিত হৈছে এই নাৰকীয় ঘটনা ।

পকচোৰ অধীনত ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হৈছে। চিকিৎসালয়ত ছাত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছে।

তামিলনাডুৰ কৃষ্ণগিৰি জিলাৰ অঞ্চলটোৰ এখন বিদ্যালয়ত ছাত্ৰী গৰাকীয়ে অধ্যয়ন কৰে । এমাহ ধৰি তেওঁ বিদ্যালয়লৈ যোৱা নাই। তাতেই সন্দেহ হয় কৰ্তৃপক্ষৰ।

ইয়াৰ পাছতে বিদ্যালয়খনে ছাত্ৰীগৰাকীৰ ঘৰৰ স’তে যোগাযোগ কৰে । তাৰ পাছতে গোটেই ঘটনাটো পোহৰলৈ আহে।ছাত্ৰী গৰাকীৰ মাতৃয়ে অভিযোগ কৰে যে তেওঁৰ ছোৱালীক বিদ্যালয়ৰ তিনিজন শিক্ষকে ধৰ্ষণ কৰে । তাৰ পাছতে কিশোৰী গৰাকী অসুস্থ হৈ কৰে ।

উল্লেখ্য যে , ঘটনাটো কিশোৰী গৰাকীয়ে ঘৰত জনাই যদিও কিন্তু তেওঁলোকে ভয়ত আৰক্ষীৰ ওচৰলৈ যাব নোৱাৰিলে।মাতৃ গৰাকীয়ে বিষয়টো অধ্যক্ষক জনোৱাৰ পাছতে অধ্যক্ষক গৰাকীয়ে আৰক্ষীৰ ওচৰলৈ যাবলৈ নিৰ্দেশ দিয়ে।

তাৰ পাছতে আৰক্ষীক অভিযোগ দাখিল কৰে কিশোৰী গৰাকীৰ মাতৃয়ে । পকচো শাখাৰ অধীনত এটা গোচৰ ৰুজু কৰাৰ পাছতে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত আতংক বিয়পি পৰে। ভুক্তভোগীৰ পৰিয়ালে অভিযুক্তৰ বাবে কঠোৰতম শাস্তি দাবী কৰিছে।

Exit mobile version