Japanese Ambassador to Delhi arrives in Jagiroad:
জাগীৰোডলৈ আগমন জাপানৰ ভূটান আৰু ভাৰতস্থ ৰাষ্ট্ৰদূত কেইচি অ’ন ৷ বৃহস্পতিবাৰে দুপৰীয়া জাপানী ৰাষ্ট্ৰ গৰাকী বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰি তাৰ পৰা পোনে পোনে ৰাওনা হয় জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পলৈ ৷
ADVERTISEMENT
ৰাষ্ট্ৰদূত গৰাকীৰ স’তে আছে এটা জাপানী বিনিয়োগকাৰীৰ দল এটা ৷ ৰাষ্ট্ৰদূত সহ বিনিয়োগকাৰী দলটোৱে টাটাৰ জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি টাটাৰ বিষয়াৰ মতবিনিময় কৰি বিয়লি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাক জনতা ভৱনত সাক্ষাৎ কৰিব ৷
উল্লেখ্য যে অসম চৰকাৰৰ সহযোগত টাটা গোষ্ঠীয়ে জাগীৰোডৰ কাগজ কলৰ ভূমিত প্ৰায় ৪৩ হেজাৰ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব ছেমি কণ্ডাক্টৰ প্ৰকল্প ৷