List of Indian citizens deported from the US: আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয় নাগৰিকৰ তালিকা দাখিল

সংসদত তথ্য দাখিল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ

deported

List of Indian citizens deported from the US:

স্বয়ং মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে সামৰিক বিমানত তুলি অনুপ্রবেশকাৰীক বহিষ্কাৰ কৰা বুলি ঘোষণা কৰাৰ পাছতো সংসদত দেশৰ বৈদেশিক মন্ত্রী ড: এছ জয়শংকৰে বিৰোধীৰ মুখ বন্ধ কৰিবলৈ যুক্তি দিয়ে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ ঘটনা এয়াই প্রথম নহয়।

বৈদেশিক মন্ত্ৰীয়ে এই মন্তব্য কৰাৰ পূৰ্বে বিৰোধীয়ে বুধবাৰে হাত-ভৰি বান্ধি শতাধিক ভাৰতীয় অনুপ্ৰৱেশকাৰীক সামৰিক বিমানত তুলি মার্কিন প্রশাসনে বহিষ্কাৰ কৰাৰ প্ৰসংগ উত্থাপন কৰি সংসদ উত্তাল কৰে। বিৰোধীৰ প্ৰতিবাদত কালি সংসদৰ উভয় সদন স্থগিত হৈও পৰে।

অৱশেষত বিষয়টো সন্দর্ভত উচ্চ সদনত বিবৃতি দি বৈদেশিক মন্ত্রী ড: জয়শংকৰে কয়, ‘এয়া কোনো নতুন ঘটনা নহয়। প্রত্যেক দেশেই অবৈধ নাগৰিকক বহিষ্কাৰ কৰাৰ অধিকাৰ আছে আৰু প্রত্যেক দেশেই নিজৰ বিতাড়িত নাগৰিকক উভতাই লোৱা উচিত। অবৈধ নাগৰিক বিতাড়নৰ ক্ষেত্ৰত প্ৰত্যেক দেশৰে নিজা আইন আছে ৷

সংসদত বৈদেশিক মন্ত্ৰী গৰাকীয়ে ২০০৯ চনৰ পৰা চলিত মাহলৈকে আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয় নাগৰিকৰ তালিকা দাখিল কৰে ৷

▶️  ২০০৯ চনত ৭৩৪ গৰাকী ৷
▶️  ২০১০ চনত ৭৯৯ গৰাকী ৷
▶️  ২০১৬ চনত ১,৩০৩ গৰাকী ৷
▶️  ২০১৭ চনত ১,০২৪ গৰাকী ৷
▶️  ২০১৯ চনত ২,০৪২ গৰাকী ৷
▶️  ২০২০ চনত ১,৮৮৯ গৰাকী ৷
▶️  ২০২১ চনত ৮০৫ গৰাকী ৷
▶️  ২০২৪ চনত ১৩৬৮ গৰাকী ৷
▶️  ২০২৫ চনত ১০৪ গৰাকী ৷

Exit mobile version