ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ ! তেল আমদানিত বাধা আৰোপ

%E0%A6%87%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A7%B0 %E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A7%87 %E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0 %E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE %E0%A6%AA%E0%A6%A6%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87%E0%A6%AA %E0%A6%A4%E0%A7%87%E0%A6%B2 %E0%A6%86%E0%A6%AE%E0%A6%A6%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%A4 %E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A6%BE %E0%A6%86%E0%A7%B0%E0%A7%8B%E0%A6%AA

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ ! তেল আমদানিত বাধা আৰোপ

আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত ইৰাণৰ বিৰুদ্ধে প্ৰথম পদক্ষেপ গ্ৰহণ কৰে ড’নাল্ড ট্ৰাম্পে

তেওঁৰ চৰকাৰে ইৰাণৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত বাধা আৰোপ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগৰ নিষেধাজ্ঞাৰ ফলস্বৰূপে, ইৰাণৰ পৰা তেল ক্ৰয় কৰিলে এখন দেশ বা বাণিজ্যিক সংগঠন নিষিদ্ধ কৰা হ’ব পাৰে।

আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে অভিযোগ কৰিছে যে ইৰাণ চৰকাৰে তেল ৰপ্তানিৰ ধন ব্যৱহাৰ কৰি সামৰিক পাৰমাণৱিক কাৰ্যসূচীৰ বিত্তীয় সাহায্য, দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইল আৰু ড্ৰ’ন নিৰ্মাণ আৰু উগ্ৰপন্থীক সমৰ্থন কৰিছে।

এই পদক্ষেপটো ইয়াক প্ৰতিৰোধ কৰিবলৈ লোৱা হৈছে। ট্ৰাম্প চৰকাৰৰ এই পদক্ষেপৰ ফলস্বৰূপে নতুন দিল্লী-তেহৰাণ বাণিজ্যিক সম্পৰ্কক প্ৰভাৱিত কৰিব বুলি আশা কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগে জনাই যে ভাৰত, চীন আৰু সংযুক্ত আৰৱ আমিৰাত (ইউ.এ.ই.) যদি ইৰাণৰ পৰা তেল ক্ৰয় কৰে তেন্তে তেওঁলোকে নিষেধাজ্ঞাৰ কৱলত পৰিব পাৰে ।

Exit mobile version