ফটো তুলি ইৰাণত গ্রেফতাৰ মহাৰাষ্ট্রৰ ইঞ্জিনীয়াৰ !

ইৰাণত নিষিদ্ধ এলেকাত ফটো তোলাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল মহাৰাষ্ট্ৰৰ এজন অভিযন্তা। ধৃত যুৱকজনৰ নাম যোগেশ পাঞ্চল।প্ৰায় দুমাহ জেলত থকাৰ পাছত অৱশেষত তেওঁ ঘৰলৈ উভতি আহে।

11 16

ফটো তুলি ইৰাণত গ্রেফতাৰ মহাৰাষ্ট্রৰ ইঞ্জিনীয়াৰ !

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হস্তক্ষেপত দুমাহৰ অন্তত মুকলি

ইৰাণত নিষিদ্ধ এলেকাত ফটো তোলাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল মহাৰাষ্ট্ৰৰ এজন অভিযন্তা। ধৃত যুৱকজনৰ নাম যোগেশ পাঞ্চল।প্ৰায় দুমাহ জেলত থকাৰ পাছত অৱশেষত তেওঁ ঘৰলৈ উভতি আহে।

ADVERTISEMENT

বিজেপিৰ সাংসদ অজিত গোপচাৰে ৰাজ্যসভাত দাবী কৰে যে অৱশেষত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হস্তক্ষেপতহে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ল।

উল্লেখ্য যে , আঠ ফেব্ৰুৱাৰীত ভাৰতলৈ উভতি আহে যোগেশ পাঞ্চল। তেওঁ নান্দেদৰ বাসমতৰ বাসিন্দা। সাংবাদিকক তেওঁ জনাই যে , ডিচেম্বৰৰ প্ৰথম সপ্তাহত কামৰ বাবে তেওঁ ইৰাণলৈ যায়।

তেঁও কয়,” সাত ডিচেম্বৰত তেহৰাণত অৱতৰণ কৰিছিলো। তাৰ পাছত চাৰিওফালৰ এলেকাবোৰ ঘুৰিছিলো । আন পৰ্যটকৰ দৰে ফটো আৰু ভিডিঅ’ তুলি আছিলো। তাৰ পাছত সেইসমূহ ঘৰলৈ পঠিয়াইছিলো। ’’

পাঞ্চালৰ দাবী , ওচৰৰ ঠাইবোৰ পৰিদৰ্শন কৰাৰ পাছত তেওঁ হোটেললৈ উভতি যায় আৰু সন্ধিয়া আৰক্ষী উপস্থিত হয় । হোটেলত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

পাঞ্চালে জনাই যে তেওঁ এতিয়াও বুজি পোৱা নাই যে তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ কি অপৰাধ কৰিছে? পাছত খবৰ পোৱা গ’ল যে তেওঁক নিষিদ্ধ এলেকাত ফটো তোলাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

তেওঁ এইটোও বৰ্ণনা কৰে যে কেনেকৈ তেওঁ ইমান দিন কাৰাগাৰত কটাইছিল । তেওঁ কয়, ” সকলো সময়তে মোৰ চকু বন্ধা আছিল ।” তেওঁলোকে মোক স্থানীয় আৰক্ষী চকীত বন্দী কৰি ৰাখিছিল। ”

৫৯ দিনৰ বাবে কাৰাগাৰত আছিল পাঞ্চাল । অৱশ্যে, কোনো আৰক্ষীয়ে তেওঁক অত্যাচাৰ কৰা নাছিল বা কাৰাগাৰত থাকোতে তেওঁক স্পৰ্শও কৰা নাই ।

সাংসদ গোপচাৰে জনাই যে পাঞ্চালৰ পৰিয়ালে তেওঁৰ মুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ দিল্লীৰ ইৰানী দূতাবাসলৈ এজন উকীল পঠিয়াইছিল। কিন্তু তাৰ পৰা কোনো সহযোগিতা নাছিল বুলি অভিযোগ কৰা হৈছে।

কিন্তু যেতিয়া বৈদেশিক মন্ত্ৰালয়ে হস্তক্ষেপ কৰে, ইৰানে ইয়াক গুৰুত্বসহকাৰে লয়। তাৰ পাছত, তেওঁলোকে পাঞ্চালক ভাৰতলৈ ঘূৰাই পঠিওৱাৰ সিদ্ধান্ত লয়।

Exit mobile version