কুম্ভ মেলাৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনা ভান আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত মৃত দুই , আহত ১১

IMG 20250209 WA0037

 

কুম্ভ মেলাৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনা ভান আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত মৃত দুই , আহত ১১

কুম্ভ মেলাৰ পৰা উভতি অহাৰ পথত সংঘটিত হয় দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাটোত দুজন নিহত আহত ১১ জন। তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া ভানখনে বালিভৰ্তি ট্ৰাকত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

ঘটনাটো শনিবাৰে হামিৰপুৰ জিলাৰ বুন্দেলখণ্ড এক্সপ্ৰেছৱেত সংঘটিত হয় ।ঘটনাস্থলীত দুজন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

মৃতসকলক নিৰ্মলা দেৱী আৰু সুৰেন্দ্ৰ ৰাণা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক হিমাচল প্ৰদেশৰ বাসিন্দা। দুয়োৰে বয়স প্ৰায় ৬০ বছৰ। ভানখন শনিবাৰে তীৰ্থযাত্ৰীসকলৰ স’তে উভতি আহিছিল।

সূত্ৰঅনুসৰি, ভান চালকজন হামিৰপুৰ জিলাৰ ৰাথে অঞ্চলত টোপনি গৈছিল। তাৰ পাছত ভানখনে নিয়ন্ত্ৰণ হেৰুৱাই কাষেৰে পাৰ হৈ যোৱা বালিভৰ্তি ট্ৰাকখনত খুন্দা মাৰে। ফলত ভানখনৰ সন্মুখভাগ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

ইয়াৰ পাছতে যাত্ৰীসকল ৰাস্তাত বাগৰি পৰাত নিৰ্মলা আৰু সুৰেন্দ্ৰৰ ঘটনাস্থলীতে মৃত্যু হয়। বাকীসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

খবৰটো পোৱাৰ পাছত, স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আহত ১১ জনৰ ভিতৰত সুদৰ্শন, বিপুল শৰ্মা, জীৱনদেৱী, সুধেশ কুমাৰী, সুনীল কুমাৰী, কুসুম লাটা, চান্দি, অঞ্জুবালা, অঞ্জনা কুমাৰী, ৰক্ষা দেৱী আৰু শিলাৰাণীক ৰথৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। তাৰে ভিতৰত, শিলাৰাণী আৰু তাম্বো দেৱীক তাৰে চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে।

উপ-বিভাগীয় দণ্ডাধীশ অভিমন্যু জনাই যে,আহতসকল চিকিৎসাধীন হৈ আছে। সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Exit mobile version