মোডীৰ ভ্ৰমণৰ পূৰ্বে ট্ৰাম্পৰ শুল্ক ঘোষণা

11 9

মোডীৰ ভ্ৰমণৰ পূৰ্বে ট্ৰাম্পৰ শুল্ক ঘোষণা

অনুপ্ৰৱেশ হওঁক বা সস্তীয়া ঔষধ ক্ৰয় কৰাই হওঁক, তেওঁৰ দাবী , তেওঁৰ দেশক বিভিন্ন ধৰণে লুণ্ঠন কৰিছে বিদেশী শক্তিয়ে। গতিকে বিদেশী সামগ্ৰীৰ ওপৰত ‘ ওলোটাই-শুল্ক’ আৰোপ কৰিব বিচাৰে ড’নাল্ড ট্ৰাম্পে।

কিছুদিনৰ আগতে, তেওঁ ঘোষণা কৰিছিল যে তেওঁ মেক্সিকান আৰু কানাডিয়ান সামগ্ৰীৰ ওপৰত ২৫% আমদানি শুল্ক আৰোপ কৰিব।

চীনা সামগ্ৰীৰ ওপৰত ১০% আমদানি শুল্ক। অৱশ্যে কানাডা আৰু মেক্সিকোৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্ত পিছুৱাই দিয়া হয়। ট্ৰাম্পে আজি ঘোষণা কৰে যে অহা সপ্তাহত তেওঁ প্ৰতিশোধমূলক শুল্কৰ পৰিকল্পনা উন্মোচন কৰিব। সোমবাৰ বা মঙলবাৰে সংবাদমেল অনুষ্ঠিত কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৱাশ্বিংটন ডি চি ভ্ৰমণৰ ঠিক আগতে।

১২ আৰু ১৩ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ আমেৰিকা ভ্ৰমণলৈ যাব মোডী। ট্ৰাম্পৰ এই ঘোষণাক অতি গুৰুত্বসহকাৰে লৈছে কূটনীতিবিদসকলে। অ’ভেল অফিচত অনুষ্ঠিত এক সংবাদমেলত ট্ৰাম্পে কয়, অহা সপ্তাহত মই এটা ঘোষণা কৰিম – প্ৰতিশোধমূলক শুল্ক – যাতে আন দেশৰসমূহৰ দৰে আমাৰ স’তেও সকলোৱে একে ব্যৱহাৰ কৰে। বেছিও নহয়, কমো নহয়। ”

জাপানৰ প্ৰধানমন্ত্ৰী শিগেৰু ইশিবা আমেৰিকা ভ্ৰমণলৈ আহিছে। তেওঁৰ স’তে হোৱা বৈঠকৰ সময়ত ট্ৰাম্পে কয় যে ,আমাৰ এই কাৰ্য্যই সকলোকে প্ৰভাৱিত কৰিব। ইয়াৰ বাবে বহু পৰিকল্পনা কৰা হৈছে।

Exit mobile version