Excise Team Raid In Adingiri Hillside:মহানগৰীৰ আদিংগিৰি পাহাৰত আবকাৰী বিভাগৰ অভিযান

raid

Excise Team Raid In Adingiri Hillside:

মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া সূলভ হৈ পৰিছে অবৈধ চুলাইৰ ৰমৰমীয়া সৰবৰাহ ৷ অবৈধ চুলাইৰ বিৰুদ্ধে অঞ্চলভেদে স্থানীয় লোকৰ তীব্ৰ ক্ষোভৰ বহি:প্ৰকাশৰ উমান পাই শেহতীয়াকৈ চুলাই বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আবকাৰী বিভাগ

সোমবাৰে মহানগৰীৰ আদিংগিৰি পাহাৰত আবকাৰী বিভাগৰ অভিযান চলাই উৎখাত কৰে ১২টা চুলাইৰ ঘাটি ৷ একেদৰে নষ্ট কৰে ১২ হাজাৰ লিটাৰ চুলাই সহ চুলাইত ব্যৱহৃত সামগ্রী আনহাতে অভিযানকাৰীৰ আগমনৰ উমান পাই পলায়ন কৰে চুলাই বেপাৰীসকল ৷

উল্লেখ্য যে আদিংগিৰি অঞ্চলত চুলাই মদৰ ৰমৰমীয়া বেহাৰ সমান্তৰালভাৱে গঢ় লৈ উঠিছে বিভিন্ন অসামাজিক কাম-কাজ ৷ কিন্ত ৰাইজৰ বাৰম্বাৰ অভিযোগৰ প্ৰতি নির্লিপ্ততা প্ৰদৰ্শন কৰি আহিছে আৰক্ষী ৷

Exit mobile version