Income Tax Bill 2025 Live Updates: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব নতুন আয়কৰ বিধেয়ক, কি পৰিৱৰ্তন হ’ব পাৰে?

11 23
Income Tax Bill 2025 Live Updates: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব নতুন আয়কৰ বিধেয়ক,

কি পৰিৱৰ্তন হ’ব পাৰে?

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ১০ ফেব্ৰুৱাৰী সোমবাৰে সংসদত নতুন আয়কৰ বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা। বিগত সাত ফেব্ৰুৱাৰী শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে এই বিধেয়কখনৰ অনুমতি প্ৰদান কৰে সেই সময়ত জনোৱা হৈছিল যে আগন্তুক সপ্তাহত এই বিধেয়কখন লোকসভাত উত্থাপন হ’ব পাৰে ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ জুলাই মাহৰ বাজেট দাখিল কৰাৰ সময়ত আয়কৰ আইন পুনৰীক্ষণ কৰি প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ কয়। তেওঁ কয় যে নতুন আয়কৰ বিধেয়কখনে কৰ ব্যৱস্থাক অধিক সংক্ষিপ্ত, সহজ আৰু স্বচ্ছ কৰি তুলিব। কৰ দিওঁতে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় কৰদাতাসকলে।

ইয়াৰ ভিতৰত কিছুমান আইনী বিষয়ো অন্তৰ্ভুক্ত। বিশেষজ্ঞসকলৰ মতে, এই নতুন কৰ আইন প্ৰণয়ন হ’লে এই সমস্যাও সমাধান হ’ব।

নতুন আয়কৰ বিধেয়ক ২০২৫ : নতুন বিধেয়কখনত কি আছে?

বৰ্তমানৰ আয়কৰ আইন সাধাৰণ কৰদাতাসকলৰ বাবে যথেষ্ট জটিল। আৰু এই জটিলতা পৰিহাৰ কৰিবলৈ আৰু কোনো আইনী সমস্যাত নপৰিবলৈ, কৰদাতাসকলে বিশেষজ্ঞৰ আশ্ৰয় বিচাৰে। পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, নতুন আয়কৰ আইন অতি সৰল হ’ব, যাক কৰদাতাসকলে সহজে বুজিব পাৰে।

নতুন আয়কৰ বিধেয়ক ২০২৫ :
নতুন আয়কৰ বিধেয়কত কি পৰিৱৰ্তন হৈছে?

নতুন আয়কৰ আইন পুৰণি আইনৰ আকাৰৰ আধাৰ ওচৰত হ’ব। আৰু নতুন আইনৰ ভাষা সৰল হ’ব যাতে এইটো সাধাৰণ কৰদাতাসকলে সহজে বুজিব পাৰে ।

Exit mobile version