Meta layoffsপুনৰ মেটাই কৰ্মচাৰী ছাটাই অভিযান , চাকৰি যাব ৩৬০০ কৰ্মীৰ
ফে’চবুক আৰু ইনষ্টাগ্ৰামৰ অভিভাৱক সংস্থা মেটাই আকৌ এবাৰ কৰ্মচাৰী ছাটাই অভিযান চলাইছে। প্রকাশিত তথ্য অনুসৰি কোম্পানীটোৱে মুখ্য কার্যবাহী বিষয়া মার্ক জুকাৰবাৰ্গৰ নেতৃত্বত এই সপ্তাহত ৩৬০০ কৰ্মচাৰীক অব্যাহতি দিব।
মেটাই অলপতে এই কথা ঘোষণা কৰি কৈছিল যে পাৰদৰ্শিতা সন্তোষজনক নোহোৱা পাঁচ শতাংশ কৰ্মচাৰীক কোম্পানীটোৱে অব্যাহতি দিব।
আজি আমেৰিকাসহ একাধিক দেশত স্থানীয় সময় অনুসৰি পুৱা পাঁচ বজাৰ পৰা মেটাই এই কর্মী ছাটাই অভিযান আৰম্ভ কৰিছে । ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ অন্য দেশত ১১ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰ সময়ছোৱাত ছাটাই কৰা কৰ্মচাৰীক জাননী প্ৰদান কৰা হ’ব।