PM Modi embarks on visits to Paris:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে পুৱা দুদিনীয়া কাৰ্য্যসূচীৰে ফ্ৰান্সলৈ ৰাওনা হয় ৷ সন্ধিয়া মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এ আই একচন সন্মিলনৰ সহ:অধ্যক্ষ হিচাপে এক বৈঠকত মিলিত হ’ব । এই বৈঠকতে ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বৰ বাবে ২০৪৭ চনৰ হৰাইজন ৰোডমেপৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে ৷
পেৰিছলৈ যোৱাৰ পূৰ্বে এক বিবৃতিত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়,’মই এআই একচন ছামিটৰ সহ-অধ্যক্ষতা কৰিবলৈ আগ্ৰহী, য’ত আমি উদ্ভাৱন আৰু বৃহত্তৰ জনহিতৰ বাবে এআই প্ৰযুক্তিৰ সহযোগিতামূলক পদ্ধতিৰ ওপৰত সৰ্বাংগীন, সুৰক্ষিত আৰু বিশ্বাসযোগ্যভাৱে মতামত বিনিময় কৰিম |
উল্লেখ্য যে, পেৰিছত অনুষ্ঠিত এ আই একচন সন্মিলনত বহু কেইখন ৰাষ্ট্ৰৰ নেতা আৰু গ্ল’বেল টেক চিইঅ উপস্থিত থকাৰ কথা । প্ৰধানমন্ত্ৰী মোদী এআই একচন ছামিটত অংশ লৈ বুধবাৰে পেৰিছৰ পৰা উৰা মাৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰ অভিমুখে ৷