Modi-Macron ফ্ৰান্সত মোডীক উষ্ণ আদৰণি মে’ক্ৰনৰ, বন্ধুক সাৱটি ধৰি, এআইৰ বিশ্ব বিপ্লৱৰ ঘোষণা

IMG 20250211 114509

Modi-Macron ফ্ৰান্সত মোডীক উষ্ণ আদৰণি মে’ক্ৰনৰ, বন্ধুক সাৱটি ধৰি, এআইৰ বিশ্ব বিপ্লৱৰ ঘোষণা

‘এ আই একচন’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সোমবাৰে নিশা ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মে’ক্ৰনে তাত তেওঁক আদৰণি জনায়। বন্ধু মোডীক সাৱটি ধৰা দেখা গ’ল মেক্ৰনে।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে ৰাষ্ট্ৰপতিয়ে এক বিশেষ নৈশ ভোজৰো আয়োজন কৰে। মঙলবাৰে আয়োজন হ’বলগীয়া ফ্ৰান্সৰ স’তে ‘এ আই সন্মিলন’ৰ সহ-সভাপতি হ’ব ভাৰত । তেওঁৰ আগতে এক্স হেণ্ডেলত মে’ক্ৰনৰ বাৰ্তা,

“আমি ভাৰতৰ স’তে হাত মিলাই প্ৰযুক্তি জগতত বিপ্লৱ আনিম,” ।

সোমবাৰে প্ৰধানমন্ত্ৰীৰ বিমানখন পেৰিছত অৱতৰণ কৰাৰ পাছত তেওঁক আদৰণি জনাবলৈ বহু সংখ্যক প্ৰবাসী ভাৰতীয় উপস্থিত থাকে।

বিমানবন্দৰত ‘মোডী মোডী’ আৰু ‘ভাৰত মাতা কি জয়’ৰ শ্ল’গান দিয়া হয়। তাৰ পৰাই ৰাষ্ট্ৰপতি মে’ক্ৰনক সাক্ষাৎ কৰে মোডীয়ে। ।

মে’ক্ৰনক তাত প্ৰধানমন্ত্ৰীক আলিঙ্গন কৰা দেখা গ’ল। মোডীয়ে ৰাষ্ট্ৰপতিৰ স’তে এক নৈশ ভোজতো অংশ গ্ৰহণ কৰে । সেই বৈঠকৰ পাছতে এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰীৰ বাৰ্তা, “পেৰিছত মোৰ বন্ধু ৰাষ্ট্ৰপতি মে’ক্ৰনক লগ পাই অত্যন্ত সুখী।”

মঙলবাৰে পেৰিছত অনুষ্ঠিত এআই একচন সন্মিলনত মে’ক্ৰনে কয়, “মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ভাৰত আৰু ফ্ৰান্স অতি শক্তিশালী দেশ। আৰু আমাৰ বন্ধুত্ব অতি গভীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স’তে একেলগে আমি প্ৰযুক্তি জগতত স্বাৱলম্বী হৈ পৰিম। বিশ্ব পৰ্যায়ত এআইৰ ওপৰত এই আত্মনিৰ্ভৰশীলতা মোৰ আৰু প্ৰধানমন্ত্ৰী মোডীৰ মুখ্য কাৰ্যসূচী।

মেক্ৰ’নে লগতে কয়, “আমি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ স’তে কাম কৰিব বিচাৰো। কিন্তু আমি কেতিয়াও কাৰো ওপৰত নিৰ্ভৰশীল হ’ব নিবিচাৰো। আজি ভাৰত বিশ্বৰ এক মহান শক্তি হিচাপে উদীয়মান হৈছে। ই প্ৰতি বছৰে ১০ মিলিয়ন অভিযন্তা উৎপাদন কৰে। এইটো ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিলিত সংখ্যাতকৈ অধিক।

একে সময়তে তেওঁ কয়, “আত্মনিৰ্ভৰশীলতাৰ অৰ্থ সকলোৰে পৰা বিচ্ছিন্ন হোৱা নহয়। ইয়াৰ পৰিৱৰ্তে, আমি এনে এজন সঙ্গী বিচাৰো যাৰ ওপৰত আমি নিৰ্ভৰ কৰিব পাৰোঁ। এআইৰ পৃথিৱীত ভাৰত আৰু ফ্ৰান্সৰ যাত্ৰাৰ কথা উল্লেখ কৰি মেক্ৰ’নে কয় যে দুয়োখন দেশে যুটীয়াভাৱে ইজনে সিজনক প্ৰশিক্ষণ দিব।

ভাৰত আৰু ফ্ৰান্সত তথ্য কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। দুয়োখন দেশৰ ভাষাৰ সমস্যাৰ মোকাবিলা কৰিবলৈ এটা ভাষাৰ আৰ্হি বিকশিত কৰা হ’ব। লক্ষ্য হৈছে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰি বিশ্বৰ এআইৰ তৃতীয় সন্মুখ সৃষ্টি কৰা।

বিভিন্ন দেশৰ শীৰ্ষ নেতাসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স, চীনা উপ-প্ৰধানমন্ত্ৰী ঝাং গুওকিং আৰু আন বহুতো। সৰ্বোপৰি, পেৰিছত এক বিশাল প্ৰযুক্তিৰ মহাযজ্ঞ অনুষ্ঠিত হ’বলৈ গৈ আছে।

Exit mobile version