Terrible Road Accident:
মহাকুম্ভত পবিত্ৰ স্নান কৰি উভতি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনা। এখন মিনিবাছ আৰু এখন ট্ৰাকৰ সংঘৰ্ষত সাত জন লোকৰ মৃত্যু। মঙলবাৰে পুৱা মধ্যপ্ৰদেশৰ জবলপুৰত সংঘটিত হয় এই দুৰ্ঘটনা। তথ্য অনুসৰি ভয়াৱহ এই দুৰ্ঘটনাটোত আহতসকলৰ অধিকাংশৰে অৱস্থা সংকটজনক।
উল্লেখ্য যে,অন্ধ্ৰ প্ৰদেশৰ পৰা বাছত প্ৰয়াগৰাজৰ মহাকুম্ভলৈ গৈছিল তীৰ্থযাত্ৰীৰ দলটো। ২৫ জন তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছখন সোমবাৰে নিশা ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰি ঘৰলৈ বুলি ৰাওনা হৈছিল।
মঙলবাৰে পুৱা প্ৰায় আঠ বাজি ৩০মিনিটত মধ্য প্ৰদেশৰ জবলপুৰ জিলাত দুৰ্ঘটনাটো সংঘটিত হয়। জিলা দণ্ডাধীশ দীপক কুমাৰ ছাক্সেনাই জানিবলৈ দিয়া মতে, সামগ্ৰী ভৰ্তি ট্ৰাকখন পথৰ দিশে আহি আছিল । যাৰ বাবেই এই ঘটনাটো সংঘটিত হয়। জবলপুৰ জিলা সদৰৰ পৰা ৬৫ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই দুৰ্ঘটনা।
প্ৰত্যক্ষদৰ্শীৰ মতে, যান-বাহন আইন অমান্য কৰি ভুল লেনত গাড়ী চলোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়। এখন মিনি বাছৰ স’তে ভয়ংকৰ সংঘৰ্ষত থিতাতে মৃত্যু হয় সাত জন লোকৰ। বাকী কেইজন ক্ষতিগ্ৰস্ত ট্ৰাকখনৰ আবদ্ধ হৈ আছে ।
তথ্যৰ ভিত্তিত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। বাকী যাত্ৰীসকলক প্ৰশাসন আৰু স্থানীয় লোকে উদ্ধাৰ কৰে । উল্লেখ্য যে,তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়।
তথ্য অনুসৰি,আহতসকলৰ বহুতৰ অৱস্থা সংকটজনক । কুম্ভৰ পৰা উভতি অহাৰ পথত হোৱা দুৰ্ঘটনা এইটোৱেই প্ৰথম নহয়। আগতেও এনেধৰণৰ কেবাটাও দুৰ্ঘটনা সংঘটিত হৈছে।