বিদ্যুতৰ খুঁটাত কেবল ওলমোৱাত বাধা মহানগৰ প্ৰশাসনৰ

11 29

বিদ্যুতৰ খুঁটাত কেবল ওলমোৱাত বাধা মহানগৰ প্ৰশাসনৰ

মহানগৰীৰ চৌদিশে থকা বিদ্যুতৰ খুঁটাত কেবল সন্দৰ্ভত  মহানগৰ প্ৰশাসনৰ নিৰ্দেশনা ৷

কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা মহানগৰীৰ বিদ্যুতৰ খুঁটাত ওলমি থাকিব নোৱাৰিব কেবলৰ মকৰাজাল ৷ সাত দিনৰ ভিতৰত পৰিপাটি কৰিব লাগিব কেবলসমূহ ৷

নিৰ্দেশনা অনুসৰি বিদ্যুৎ বিভাগে নিজাকৈ ব্যৱস্থা কৰিব লাগিব ৷ একেদৰে কেবল সংযোগ কৰা কৰ্তৃপক্ষই বহন কৰিব লাগিব এই ব্যয় ৷

উল্লেখ্য যে মহানগৰীৰ অলিয়ে গলিয়ে থকা বিদ্যুতৰ খুঁটা সমূহত আৰু পথৰ মাজেদি যোৱা কেবল সমূহ য’তে ত’তে ওলমি থকাৰ সমান্তৰালভাৱে বহু সময়ত পথৰ ওপৰত পৰি থকাৰ ফলত এক আহুকলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ যাৰ ফলস্বৰূপে বিভিন্ন সময়ত প্ৰশাসনৰ ওচৰত অভিযোগ পাই থকাৰ পৰিপেক্ষিতত শেহতীয়াকৈ কেবলৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হয়।

Exit mobile version