বিধ্বস্ত পথে দাঙি ধৰিছে ‘স্মার্ট’ মহানগৰীৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

WhatsApp Image 2025 02 12 at 3.14.33 PM 1

বিধ্বস্ত পথে দাঙি ধৰিছে ‘স্মার্ট’ মহানগৰীৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

গোপাল বড়ো বিদ্যালয়ৰ সন্মুখৰ বিধ্বস্ত পথে দাঙি ধৰিছে উন্নয়নৰ ফোঁপোলা স্বৰূপ

ছেদেলি-ভেদেলি হৈ পৰি ৰৈছে ডিভাইডাৰৰ খুঁটা

নাই কোনো ব্যৱস্থা

তীব্র যানজট বিধানসভা চৌহদৰ সমীপতে বিধ্বস্ত বাট-পথ, নিৰ্বিকাৰ চৰকাৰ কৰ্তৃপক্ষ


স্বয়ং দিছপুৰৰ অসম বিধানসভা চৌহদৰ বিধ্বস্ত বাট-পথে সৃষ্টি কৰিছে এক অৰাজক পৰিৱেশৰ। গণেশগুৰি উৰণীয়া সেতুৰ পৰা গণেশমন্দিৰলৈ প্ৰায় পাঁচশ মিটাৰ দূৰত্বৰ এই পথছোৱাত সৃষ্টি হোৱা তীব্র যান-জঁটে ত্রাহি মধুসূধন সোঁৱৰাইছে নাগৰিকৰ ।’স্মার্ট’ মহানগৰীৰ অন্যতম সদাব্যস্ত এই পথছোৱাৰ বিধ্বস্ত ৰূপে চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ দাঙি ধৰিছে। বিশেষকৈ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পথছোৱা আজি দীৰ্ঘদিন ধৰি বিধ্বস্ত অৱস্থাত আছে যদিও আজিকোপতি পথছোৱাৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সংশ্লিষ্ট পক্ষই।

বৰঞ্চ মুখ্যমন্ত্ৰীকে ধৰি অসংখ্য ভিভিআইপি দৈনিক এই পথেৰে অহা-যোৱা কৰে যদিও বিধ্বস্ত পথছোৱা চকুত নপৰা বিষয়টোৱে চৰকাৰৰ সদিচ্ছাক লৈ প্রশ্ন উত্থাপন কৰিছে।সমান্তৰালভাৱে পথছোৱাৰ মাজত থকা ডিভাইডাৰ তথা ৰঙা ৰঙা খুঁটাসমূহ আজিৰ দিনটোত অ’ত-ত’ত ছেদেলি-ভেদেলি হৈ পৰি ৰৈছে।

ফলত যিয়ে য’তে মন যায় স্বইচ্ছাই বাহন ঘূৰাইছে আৰু ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ আহিছে। উল্লেখ্য যে অসম বিধানসভাৰ লগতে বিধায়ক আৱাসলৈ যোৱা এই পথছোৱাত পূৰ্বতে সৰু ভঙা অংশ এটাও নাছিল বুলি স্থানীয় লোকে সদৰী কৰি মুখ্যমন্ত্ৰীৰূপে ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছতে পথছোৱা বিধ্বস্ত হৈ পৰিছে বুলি অভিযোগ কৰিছে। স্থানীয় লোকসকলে সদৰী কৰা অনুসৰি, পূৰ্বতে প্ৰতিখন বিধানসভা অধিবেশনৰ প্ৰাকক্ষণত এই পথছোৱা মেৰামতি কৰি ডিভাইডাৰসমূহ সুন্দৰকৈ ৰং দি সজাই তোলা হয়। যোৱা দুই-তিনি বছৰ এনে পদক্ষেপ নাই।

সম্প্রতি গোপাল বড়োৰ সন্মুখৰ মূল পথছোৱাৰ প্ৰায় ১০-১৫ মিটাৰ ভাঙি পৰি আছে। সংশ্লিষ্ট স্থানৰে বাহনসমূহ পাৰ হওঁতে ৰৈ দিবলগীয়া হয়। ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ আহিছে। একেদৰে গোপাল বড়ো হাইস্কুলৰ পৰা গণেশমন্দিৰ চ’কলৈ পথছোৱাৰ মাজত এতিয়া নামত ডিভাইডাৰ বুলিবলৈ অ’তে-ত’ত দুই-এটা খুঁটা আছে। একপ্ৰকাৰ এই পথছোৱা চৰম অৰাজক হৈ পৰিছে বুলি স্থানীয় লোকে অভিযোগ তুলি শীঘ্ৰে পথছোৱাৰ মেৰামতিৰ দাবী কৰিছে। উল্লেখ্য যে এই পথছোৱা মাথোঁ এক উদাহৰণহে।মহানগৰীত সম্প্ৰতি বহু পথ মেৰামতিৰ অভাৱত স্থান বিশেষে বিধ্বস্ত হৈ পৰিছে।

Exit mobile version