Modi-Macron:‘ভাৰতত বিনিয়োগৰ এইটোৱেই উত্তম সময়’, মে’ক্ৰনৰ দেশৰ উদ্যোগীসকলৰ বাবে মোডীৰ বাৰ্তা !

11 31

Modi-Macron:‘ভাৰতত বিনিয়োগৰ এইটোৱেই উত্তম সময়’, মে’ক্ৰনৰ দেশৰ উদ্যোগীসকলৰ বাবে মোডীৰ বাৰ্তা !

ভাৰতত বিনিয়োগৰ বাবে এইটোৱেই উপযুক্ত সময় ! বিশ্বৰ আগশাৰীৰ উদ্যোগপতি, বিনিয়োগকাৰী আৰু উদ্যোগ সংস্থাসমূহক ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাই এই বাৰ্তা প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

পেৰিছত অনুষ্ঠিত চতুৰ্দশ ভাৰত-ফ্ৰান্স চিইঅ’ ফ’ৰামত ভাষণ দি মোডীয়ে কয় যে ভাৰতত ঔদ্যোগিক বিনিয়োগৰ বাবে সকলো সুবিধা আৰু ব্যৱস্থা কৰা হৈছে।এতিয়া সকলোৰে প্ৰগতি ভাৰতৰ প্ৰগতিৰ স’তে জড়িত।

প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতৰ বিমান পৰিবহণ খণ্ডক উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ কয়, “আগতে, ভাৰতীয় কোম্পানীবোৰে বিমানৰ বাবে বাহিৰত ডাঙৰ অৰ্ডাৰ দিছিল। এতিয়া আমি ১২০ টা নতুন বিমানবন্দৰ খুলিবলৈ গৈ আছো (ভাৰতত)। কল্পনা কৰক যে সেই ক্ষেত্ৰত ভৱিষ্যত কিমানটা সম্ভাৱনা আছে। ”

সোমবাৰে দুদিনীয়া ভ্ৰমণত ফ্ৰান্সত উপস্থিত হয় মোডী। তেওঁ মঙলবাৰে এআই সন্মিলনত অংশ লয় । তাত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ (আৰ্টিফিছিয়েল ইন্তেলিজেঞ্চ বা এআই) ভাল আৰু বেয়া দিশসমূহ তুলি ধৰে। মোডীয়ে জনাইছে, কৃত্ৰিম বুদ্ধিমত্তাই লাখ লাখ লোকৰ জীৱন সলনি কৰিব পাৰে।

পেৰিছত অনুষ্ঠিত ১৪তম ভাৰত-ফ্ৰান্স চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত দেশখনে ‘উন্নত ভাৰত’ৰ লক্ষ্যৰ দিশে আগবাঢ়িছে।ভাৰতত বিনিয়োগৰ বাবে এইটোৱেই উত্তম সময়।

তেওঁ কয়, ‘যোৱা দশকত ভাৰতত যি পৰিৱৰ্তন হৈছে সেয়া আপোনালোকে দেখিছে। বিভিন্ন সংস্কাৰৰ জৰিয়তে বিনিয়োগ অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে।

বৰ্তমান, ভাৰত হৈছে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি। ই সোনকালেই বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হৈ পৰিব। “ভাৰত এতিয়া বিনিয়োগৰ গন্তব্যস্থান। আমি অৰ্ধপৰিবাহী আৰু কোৱাণ্টাম অভিযানো আৰম্ভ কৰিছো। প্ৰতিৰক্ষা খণ্ডতো ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক উৎসাহিত কৰা হৈছে।”

ইণ্ডিয়া-ফ্ৰান্স চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰী মোডীয়ে ‘মেক ইন ইণ্ডিয়া’ৰ পদক্ষেপে ভাৰতত বিনিয়োগৰ পৰিৱৰ্তন কেনেদৰে কৰিছে সেই বিষয়ে বৰ্ণনা কৰে।

তেওঁৰ কাৰ্যকালতে এই সম্পৰ্কীয় পদক্ষেপসমূহ আৰম্ভ কৰা বুলিও তেওঁ উল্লেখ কৰে । কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ গৱেষণাৰ ক্ষেত্ৰতো ভাৰতৰ সফলতাৰ ওপৰত আলোকপাত কৰে।

ভাৰত-ফ্ৰান্সৰ চিইঅ’ ফ’ৰামত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মে’ক্ৰন আৰু দুয়োখন দেশৰ বৃহৎ কোম্পানীসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীক শলাগ লৈ প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁৰ স’তে একেখন মঞ্চত থকাটো মোৰ বাবে এক আনন্দৰ কথা। যোৱা দুবছৰৰ ভিতৰত এয়া আমাৰ ষষ্ঠখন বৈঠক।

Exit mobile version