Indian Army: বিয়াৰ কথা আছিল এপ্ৰিলত , তাৰ আগতেই জম্মু-কাশ্মীৰত আইইডি বিস্ফোৰণত মৃত্যু হ’ল দুজন সেনা কেপ্টেইন

11 39

Indian Army: বিয়াৰ কথা আছিল এপ্ৰিলত , তাৰ আগতেই জম্মু-কাশ্মীৰত আইইডি বিস্ফোৰণত মৃত্যু হ’ল দুজন সেনা কেপ্টেইন

একেটা ৰেজিমেন্টত আছিল দুয়ো । মঙলবাৰে জম্মু- কাশ্মীৰৰ আখনুৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত একেলগে খোজ কাঢ়ি আছিল দুয়ো। তাৰ পাছতে,পলকতে সকলো শেষ !

তহল দিয়া সময়ত সন্ত্ৰাসবাদীয়ে স্থাপন কৰা আইইডি বিস্ফোৰণত দুজন সেনা কেপ্টেইন নিহত হয়।

এজন আছিল কেপ্টেইন কৰমজিৎ সিং বক্সী (২৭)। আনজন হৈছে মুকেশ সিং মানহাছ (২৯)। কৰমজিৎ ঝাৰখণ্ডৰ হাজাৰিবাগৰ বাসিন্দা।

১০ দিন আগতে ঘৰলৈ গৈছিল তেওঁ । তেওঁ ঘৰৰ সকলোকে জনাই যে এজন সেনা চিকিৎসকৰ স’তে তেঁওৰ সম্পৰ্কত আছিল। বিয়াও ঠিক হৈছিল দুয়োৰে।

পাঁচ এপ্ৰিলত নিৰ্ধাৰণ কৰিছিল বিবাহৰ তাৰিখ । কৰমজিতৰ পিতৃ চৰ্দাৰ আজিন্দৰ সিঙৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায় আছে। আজিন্দৰ তেওঁৰ একমাত্ৰ পুত্ৰৰ মৃত্যুত বিধ্বস্ত হৈ পৰিছে।

কৰমজিতৰ খুৰাক দেৱেন্দ্ৰ চিহাঙে জনাই যে তেওঁৰ ভতিজাই পাঁচ বছৰ আগতে সেনাত যোগদান কৰে। কিন্তু মঙলবাৰৰ পৰা, তেওঁলোকৰ জীৱনত যেন সকলো বোৰ ওলোটা হৈ গৈছে।

অন্যহাতে সম্বৰ ব্রি কামিলাৰ মানহাস পৰিয়ালত বিয়াৰ প্রস্তুতি তুংগত উঠিছিল। কিন্তু মঙলবাৰৰ পৰা, ঘৰটোত শোকৰ ছাঁ পৰিছে। বিয়াৰ বাবে ঘৰ দুৱাৰ সুন্দৰকৈ সজাই তুলিছিল মুকেশে।

কিছুদিন ছুটীৰ বাবে ঘৰলৈ আহি সকলো চোৱাচিতা কৰাৰ পাছত ২৮ জানুৱাৰীত পুনৰ চাকৰিত যোগদান কৰে ।

২০ এপ্ৰিলত বিয়াৰ তাৰিখ আছিল কিন্তু তাৰ আগতে সকলো শেষ হৈ গ’ল।

Exit mobile version