মণিপুৰত বিসম্বাদৰ ধুমুহাত জৰ্জৰিত শাসকীয় বিজেপি
বাছনি নহ’ল মুখ্যমন্ত্ৰী : অৱশেষত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ
গোষ্ঠী সংঘর্ষই অৰাজক কৰি তোলা মণিপুৰত শাসকীয় বিজেপি বিসম্বাদৰ ধুমুহাত জৰ্জৰিত হৈছে। দলৰ বাহিৰে-ভিতৰে সৃষ্ট চাপত বাধ্য হৈ অলপতে পদত্যাগ কৰা মুখ্যমন্ত্ৰী নংথ’মবাম বীৰেন সিঙৰ উত্তৰসুৰি বাছনি কৰাৰ পৰিৱৰ্তে বৃহস্পতিবাৰে কেন্দ্ৰই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনহে বলৱৎ কৰে।
লক্ষ্যণীয় যে সদ্যপদত্যাগী মুখ্যমন্ত্রী বীৰেন সিঙৰ বিৰুদ্ধে দলৰে একাংশ মন্ত্রী-বিধায়ক দীর্ঘদিন ধৰি সৰৱ হৈ আছিল। সিঙৰ বিৰুদ্ধে এইসকল মন্ত্ৰী-বিধায়কে আঠ বিদ্রোহ ঘোষণা কৰাৰ সমান্তৰালভাৱে দলত বিসম্বাদেও গা কৰি উঠাৰ আভাস সম্প্ৰতি স্পষ্ট হৈছে।
এনে বিসম্বাদৰ ওচৰত শিৰনত কৰি কেন্দ্ৰই নতুন মুখ্যমন্ত্ৰী বাছনিৰ পৰিৱৰ্তে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনহে বলৱৎ কৰা বুলি চৰ্চিত হৈছে। মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি সম্পৰ্কত বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৰ কাৰ্যালয়ে এক বিবৃতিত কয়, ‘(মণিপুৰৰ) ৰাজ্যপাল অজয় ভাল্লাৰ পৰা পোৱা এক প্রতিবেদন আৰু মই পোৱা অন্যান্য তথ্যৰ ভিত্তিত বোধগম্য হয় যে দেশৰ সংবিধান অনুসৰি ৰাজ্যখনত চৰকাৰ চলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।’
ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰিছে বুলি বিবৃতিটোত উল্লেখ আছে। ৰাষ্ট্ৰপতিৰ হৈ কেন্দ্রীয় গৃহ মন্ত্রণালয়ে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে ২০২৩ৰ মে’ত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত ঘটা মণিপুৰৰ সদ্যপদত্যাগী মুখ্যমন্ত্রী সিঙৰ প্ৰৰোচনাত ৰাজ্যখনত এই ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হয় বুলি বিৰোধী পক্ষই অভিযোগ উত্থাপন কৰি আহিছে। আনকি ভাইৰেল হোৱা এটা অ’ডিঅ’ত সিঙৰ কণ্ঠৰ স’তে ৯৩ শতাংশ মিল থকা এক কণ্ঠই ৰাজ্যখনত গোষ্ঠী সংঘর্ষ সৃষ্টিত উচটনি যোগোৱা বুলি মন্তব্য কৰিছে।
এই বিতর্কিত অ’ডিঅ’ পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিবলৈ উচ্চতম ন্যায়ালয়ে ফৰেনচিক বিশেষজ্ঞলৈ নিৰ্দেশ জাৰি কৰিছে। ইয়াক লৈ সদ্যপদত্যাগী মুখ্যমন্ত্রী সিং দেশজুৰি চৰ্চালৈ অহাৰ সময়তে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ যো-জা চলায় বিৰোধী কংগ্ৰেছে।
যোৱা বুধবাৰৰ পৰা মণিপুৰ বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল। এই অধিবেশনৰ প্ৰথম দিনটোতে সিঙৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ পৰিকল্পনা প্রস্তুত কৰে কংগ্ৰেছে।
বিৰোধীৰ এই অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সময়ত দলীয় হুইপ অমান্য কৰি একাংশ বিজেপি মন্ত্ৰী-বিধায়ক সদনত উপস্থিত নথকাৰ ইংগিত দিয়ে। ইয়াক লৈ শ’লঠেকত পৰাৰ আশংকা কৰি সিঙে বিধানসভাৰ অধিবেশন আৰম্ভ হোৱাৰ আগদিনা সন্ধিয়া পদত্যাগ কৰে।
তেওঁৰ পদত্যাগৰ লগে লগে ৰাজ্যপাল ভাল্লাই বিধানসভাৰ অধিবেশন স্থগিত ৰখা বুলি ঘোষণা কৰে। উল্লেখ্য যে আজি ভংগ হোৱা (৬০খন আসন বিশিষ্ট) মণিপুৰ বিধানসভাত বিজেপিৰ ৩৭জনসহ এনডিএৰ ৪৭জন বিধায়ক থকাৰ বিপৰীতে বিৰোধী কংগ্ৰেছৰ পাঁচজন, এনপিপিৰ পাঁচজন আৰু কেপিএৰ দুজন বিধায়ক আছিল।
গতিকে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে এটা দল বা মৰ্চাক ন্যূনতম ৩১জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। এই ন্যূনতম সীমাতকৈ অধিক বিধায়ক থকাৰ পাছতো বিজেপিৰ নেতৃত্বাধীন এনডিএই নতুন মুখ্যমন্ত্ৰী বাছনিৰ পৰা বিৰত থাকে।
সেয়েহে ৰাজ্যখনত বিজেপিৰ অভ্যন্তৰত এক জটিল বিসম্বাদৰ সৃষ্টি হোৱা বুলি চৰ্চিত হৈছে।
মণিপুৰত ১১বাৰ, দেশত ১৩৪ বাৰ
ঘোষিত ৰাষ্ট্ৰপতি শাসন কোনো ৰাজ্য বা অঞ্চলত সাংবিধানিক সংকট ঘটিলে কেন্দ্ৰই দেশৰ সংবিধানৰ ৩৫৬ অনুচ্ছেদৰ অধীনত সেই ৰাজ্য বা অঞ্চলত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰে।
কোনো ৰাজ্য বা অঞ্চলত ৰাষ্ট্ৰপতি শাসন ঘোষিত হোৱাৰ লগে লগে সেই ৰাজ্য বা অঞ্চলৰ শাসন ক্ষমতা কেন্দ্ৰলৈ হস্তান্তৰ হয়। আনহাতে, সেই ৰাজ্য বা অঞ্চলৰ বিধায়িনী তথা আইন প্ৰণয়ন ক্ষমতা সংসদলৈ হস্তান্তৰিত হয়।
তথ্য অনুসৰি ১৯৫০ৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত বৰ্তমানলৈ ১৩৪ বাৰ ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছে। এই সময়ছোৱাত সঘনে ৰাষ্ট্ৰপতি শাসন বলৱৎ হয় মণিপুৰ আৰু উত্তৰ প্ৰদেশত।
আনহাতে, বৰ্তমানলৈ দীৰ্ঘতম সময়ৰ ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছে জম্মু-কাশ্মীৰত। ৰাজ্যখনত এবাৰ একেৰাহে ১২ বছৰৰো অধিক কাল ৰাষ্ট্ৰপতি শাসন বলৱৎ আছিল। মণিপুৰত এইবাৰকে ধৰি মুঠ ১১ বাৰ ৰাষ্ট্ৰপতি শাসন ঘোষিত হৈছে।