Ganeshguri Incident:মহানগৰীৰ গণেশগুৰিত চাঞ্চল্যকৰ ঘটনা

ফুলৰ ব্যৱসায়ীক চুৰিকাঘাত এজন যুৱকৰ, সংকটজনক অৱস্থাত ভৰ্তি  দিছপুৰ হাস্পতালত

ganeshguri

Ganeshguri Incident:

মহানগৰীত চাঞ্চল্যকৰ ঘটনা ৷ সদাব্যস্ত গনেশগুৰিত শুক্ৰবাৰে দিন দুপৰতে ফুলৰ বিক্ৰেতাক চুৰিকাঘাত এজন যুৱকৰ ৷ শংকৰ বৰৱা নামৰ যুৱকজনৰ চুৰিকাঘাতত তেজেৰে তুমৰলি হৈ পৰা ভূপেন বৰ্মনক ততাতৈয়াকৈ ভৰ্তি কৰা হয় দিছপুৰ হাস্পতালত

প্ৰাপ্ত খবৰ অনুসৰি গণেশগুৰিৰ বিশাল মাৰ্টৰ বিপৰীতে দিশে থকা লক্ষ্মীমন্দিৰ সন্মুখৰ পদপথৰ কাষত নিজ ভাতৃৰ স’তে দীৰ্ঘদিন ধৰি ফুলৰ দোকান দি আহিছিল ভূপেন বৰ্মন ৷ আনহাতে চুৰিৰে আক্ৰমণ কৰা শংকৰ বৰুৱা মহানগৰীৰে এখন নাছাৰ্ৰীৰ কৰ্মচাৰী ৷ ভূপেন বৰ্মন আৰু শংকৰ বৰুৱাৰ ঘৰ নলবাৰীত ৷

উদ্থাপিত অভিযোগ অনুসৰি ,শংকৰ বৰুৱাই কাম কৰা নাৰ্চাৰীৰ পৰা স্বতাধিকাৰীয়ে নজনাকৈ সংগোপনে বহুদিনৰ পৰা বিভিন্নজাতৰ ফুল চুৰি কৰি আনি বিক্ৰী কৰি আহিছিল গণেশগুৰি বিভিন্ন ফুলৰ বিক্ৰেতাক  ৷ ঘটনাক্ৰমে এই কথা স্বত্বাধিকাৰীজনে গম পাই আজি চৰজমিন তদন্ত কৰিবলৈ আহিছিল গনেশগুৰিলৈ ৷

আনহাতে শংকৰ বৰুৱাই তেওঁৰ মালিকক ভূপেন বৰ্মনে লগাইছে বুলি সন্দেহ কৰি আজি দুপৰীয়াতে আহি উপস্থিত হয় গনেশগুৰিত ৷ আনদিনৰ দৰে নিজৰ ফুলৰ দোকানত ব্যস্ত হৈ থকা ভূপেন বৰ্মনক কোনো কথাৰ অৱতাৰণা নকৰাকৈ হাতত থকা চুৰিৰে আঘাত কৰে ৷ চুৰিকাঘাতৰ পিছতে হুৱাদুৱা লাগে গণেশগুৰিত ৷ স্থানীয় আন দোকানী সকলে লগে লগে কৰায়ত্ত কৰে শংকৰ বৰুৱাক ৷ পিছত কৰ্তব্যৰত যান-বাহন আৰক্ষী আৰু ঘটনাস্থলীত উপস্থিত হোৱা দিছপুৰ আৰক্ষীয়ে আটক কৰি লৈ যায় শংকৰক ৷

Exit mobile version