Narendra Modi:হোৱাইট হাউচত মোডীক উষ্ণ আলিংগন!
‘প্রিয় বন্ধু’ক উপহাৰ ট্রাম্পৰ
বৃহস্পতিবাৰে হোৱাইট হাউচত উপস্থিত হয় নৰেন্দ্ৰ মোডী । দীৰ্ঘদিনৰ পাছত প্ৰিয় বন্ধুক লগ পায় সাৱটি ধৰিলে ড’নাল্ড ট্ৰাম্পে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীক এটা বিশেষ উপহাৰও প্ৰদান কৰে।
জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে ট্ৰাম্পে । তাৰ কিছু সপ্তাহৰ পাছতে,আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে মোডীয়ে । বৃহস্পতিবাৰে হোৱাইট হাউচত প্ৰধানমন্ত্ৰীক আদৰণি জনাই মোডীক আলিঙ্গন কৰা দেখা গ’ল ট্ৰাম্পে।
উল্লেখ্য যে দুয়োৰে হেণ্ডচেকৰ সময়ত, ট্ৰাম্পে কয়, “মই তোমাক মিছ কৰিছিলোঁ, বহুত মিছ কৰিলোঁ। ”
লগতে তেওঁ কয়,” মোডী এজন মহান নেতা। তেওঁ ভাৰতত ভাল কাম কৰি আছে। আজি তেওঁক আমাৰ মাজত পোৱাটো এটা ডাঙৰ সন্মানৰ বিষয়। মোডী দীৰ্ঘদিন ধৰি মোৰ এজন ভাল বন্ধু। ”
ইয়াতেই শেষ নহয় । হোৱাইট হাউচত উপস্থিত হোৱাৰ পাছত, ট্ৰাম্পে মোডীক এটা উপহাৰো দিয়ে। মোডীক আমেৰিকা যুক্তৰাষ্ট্ৰত ‘হাউডি মোডী’ অনুষ্ঠান আৰু ভাৰতত ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানৰ সময়ত তোলা আলোকচিত্ৰৰ স’তে এখন কিতাপ উপহাৰ দিছে।
কিতাপখনৰ নাম হৈছে ‘ আৱাৰ জাৰ্নি টোগেদাৰ’। কিতাপখন মোডীক দিয়াৰ আগতে ট্ৰাম্পে প্ৰথম পৃষ্ঠাত স্বাক্ষৰ কৰি লিখিছে ,”প্ৰধানমন্ত্ৰী, আপুনি মহান। ”
উল্লেখ্য যে ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত তেওঁ মোডীৰ স’তে অতি ঘনিষ্ঠ বন্ধু হৈ পৰে। মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ আতিথ্যৰ দ্বাৰাও প্ৰভাৱিত হৈছে।
ইয়াৰ উপৰিও ট্ৰাম্পে কয়,”আপোনাক হোৱাইট হাউচলৈ পুনৰ পাই ভাল লাগিছে। আমি একেলগে কাম কৰিম যাতে আমাৰ দুয়োখন দেশে অনাগত দিনবোৰত প্ৰগতিৰ পথত আগবাঢ়িব পাৰে।