Gandhi image on beer cans : বীয়েৰ কেনত মহাত্মা গান্ধীৰ ছবি, সামাজিক মাধ্যমত  বিৰোধিতা

111 1

Gandhi image on beer cans :

বীয়েৰ কেনত মহাত্মা গান্ধীৰ ছবি, সামাজিক মাধ্যমত  বিৰোধিতা

ৰাছিয়াৰ এটা সুৰা প্ৰস্তুতকাৰক কোম্পানীয়ে মহাত্মা গান্ধীৰ ফটো সম্বলিত বীয়েৰৰ কেন বজাৰত মুকলি কৰি বিতৰ্কৰ সৃষ্টি কৰিলে।

ADVERTISEMENT

সামাজিক মাধ্যমত সম্প্ৰতি মহাত্মাৰ ফটো সম্বলিত উক্ত ৰুছ বীয়েৰৰ কেনৰ ভিডিঅ’ ভাইৰেল হৈছে। প্ৰকাশিত বাতৰি অনুসৰি, ৰাছিয়াৰ বীয়েৰ প্রস্তুতকাৰক প্ৰতিষ্ঠান ৰেভৰ্ট-এ মহাত্মাৰ ফটোসহ এই বীয়েৰ বিক্ৰী কৰিছে।

সামাজিক মাধ্যম ‘এক্স’ত এই বীয়েৰৰ কে’বাখনো ফটো শ্বেয়াৰ কৰি সুপর্ণা সৎপথী নামৰ এগৰাকী ব্যৱহাৰকাৰীয়ে এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি ভাৰতৰ প্রধানমন্ত্রীক এই বিষয়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ স’তে আলোচনা কৰিবলৈ আহ্বান জনালে।

সুপর্ণাই কয় যে মহাত্মাই আজীৱন সুৰাৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু এনে এজন ব্যক্তিৰ নাম আৰু ফটো সুৰাৰ বটলত ব্যৱহাৰ কৰাটো চৰম অপমানজনক কার্য।

এনে কাৰ্যৰ বিৰুদ্ধে ভাৰত চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ বহু লোকে সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে।

Exit mobile version