Kerala Govt Hospital হঠাৎ বিদ্যুৎ বিচ্ছিন্ন , ফোনৰ লাইট জ্বলাই ৰোগীৰ কটা ঘাঁ চিলালে কর্নাটকৰ চৰকাৰী চিকিৎসালয়ত!

11 42

Kerala Govt Hospital

হঠাৎ বিদ্যুৎ বিচ্ছিন্ন , ফোনৰ লাইট জ্বলাই ৰোগীৰ কটা ঘাঁ চিলালে কর্নাটকৰ চৰকাৰী চিকিৎসালয়ত!

দুৰ্ঘটনাত আঘাত এজন লোকক চিকিৎসালয়লৈ অনা হয়। তেওঁক জৰুৰীকালীন বিভাগলৈ স্থানান্তৰ কৰি চিকিৎসা কৰা হয়। সেই চিকিৎসাৰ মাজতে, হঠাতে বিদ্যুৎ গুছি যায়।

অৱশেষত, চিকিৎসকসকলে ম’বাইল লাইট অন কৰি আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ ঘাঁ চিলাই কৰিবলৈ বাধ্য হয়। ঘটনাটো বিগত ১৩ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ বল্লাৰীৰ এখন চৰকাৰী চিকিৎসালয়ত সংঘটিত হয়।

তথ্য অনুসৰি,এটা পথ দুৰ্ঘটনাত এজন লোক আহত হৈছিল । তেওঁৰ শৰীৰৰ এটা অংশত গভীৰ আঘাত পায়। স্থানীয় লোকে তেওঁক চৰকাৰী চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰে।

তেজ বন্ধ কৰিবলৈ আঘাতটো চিলাই কৰাৰ প্ৰয়োজন হয়। উল্লেখ্য যে, চিকিৎসকে আঘাতটো চিলাই কৰিবলৈ আৰম্ভ কৰোতেই, বিদ্যুৎ নাইকিয়া হোৱাত ঘাঁৰ চিলাই সম্পূৰ্ণ নহ’ল।

যিহেতু বিদ্যুৎ তৎক্ষণাৎ অহা নাছিল আৰু বিদ্যুতৰ কোনো জৰুৰী ব্যৱস্থা নাছিল, চিকিৎসকে মোবাইলত লাইট অন কৰি ৰোগীৰ ঘাঁ চিলাই কৰে।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে স্বাস্থ্য ব্যৱস্থাৰ পৰিণাম সম্পৰ্কে প্ৰশ্ন উত্থাপিত হ’বলৈ ধৰিছে।

স্থানীয় সূত্ৰ অনুসৰি, ১৫ মিনিটৰ বাবে বিদ্যুৎ কৰ্তন কৰা হৈছিল। জৰুৰীকালীন সেৱাসমূহ স্থগিত ৰখা হয়। চিকিৎসালয়ৰ অধীক্ষক শিৱ নাইকে ঘটনাটো ইণ্ডিয়ান এক্সপ্ৰেছক নিশ্চিত কৰিছে।

পাঁচ মিনিটৰ ভিতৰতে কাৰেন্ত আহিল । অৱশ্যে, তেওঁ মোবাইল লাইটৰ দ্বাৰা চিকিৎসা কৰা বিষয়টোত কোনো মন্তব্য কৰা নাই।

Exit mobile version