MahaKumbh:ত্রিবেণী সংগমত স্নান কৰা ভক্তৰ সংখ্যা ৫০ কোটিৰো অধিক

বিশ্বৰেকর্ডৰ পথত মহাকুম্ভ

MAHAKUMBH NEW

MahaKumbh:

প্ৰয়াগৰাজ ত্ৰিবেণী সংগমত গা ধোৱা তীৰ্থযাত্ৰীৰ সংখ্যা ইতিমধ্যে ৫০ কোটি অতিক্ৰম কৰিছে। মহাকুম্ভ এতিয়া বিশ্ব অভিলেখৰ পথত।

ADVERTISEMENT

এইবাৰ ১৪৪ বছৰীয়া জয়ন্তীত এই মহাকুম্ভৰ আয়োজন কৰা হৈছে। শনি, সূৰ্য্য, বৃহস্পতিৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি এই তাৰিখ গঠন হয়। গিনিজ বুক অৱ ৱৰ্ল্ডৰেকৰ্ডৰ বিষয়াসকলেও এই অভিলেখৰ সত্যাসত্য নিৰূপণ কৰিবলৈ আহিছে। প্ৰশাসনৰ তথ্য অনুসৰি মাঘী পূৰ্ণিমা তিথিত ২.১ কোটি লোকে গা ধুইছিল

বৃহস্পতিবাৰে, ৮৫.৪৬ লাখলোকে অমৃত স্নান কৰি ৪৯.১৪ কোটি অতিক্ৰম কৰিছে। শুক্ৰবাৰে, সকলো মিলি সংখ্যাটো ৫০কোটি অতিক্ৰম কৰে। যিটো বিশ্বৰ সৰ্বকালৰ অভিলেখ। আৰু এটা অমৃত স্নান বাকী আছে। এই ক্ষেত্ৰত, কুম্ভই নিজেই প্ৰতিদিনে অভিলেখ ভংগ কৰিছে ।

অন্য আৰু চাৰিটা বিশ্ব ৰেকৰ্ডও প্ৰস্তুত হৈছে। আজিৰ দিনটোত, ১০কিলোমিটাৰ দীঘল ঠাইত ছাফাই অভিযান আৰম্ভ কৰিছিল ১৫ হেজাৰ শ্ৰমিকে। জনা যায় যে আজি শনিবাৰে ৩০০ জন লোকে নদীখনলৈ নামি একেলগে চাফা কৰিব।

কাইলৈ অৰ্থাৎ দেওবাৰে ত্ৰিবেণী পথত চলিব হেজাৰ হেজাৰ ই-ৰিক্সা। সোমবাৰে ১০ হেজাৰ লোকৰ আঙুলিৰ ছাপ লোৱা হ’ব। ভিৰ পূৰ্বৰ তুলনাত কম হোৱাৰ পাছতেই, এই সকলোবোৰ ৰেকৰ্ডৰ প্ৰস্তুতি। এমাহৰ কঠোৰতাৰ অন্তত ১৩ তাৰিখে উভতি আহিছিল পাঁচ লাখ কল্পনাবাসী।

Exit mobile version