Prayagraj Accident:কুম্ভলৈ যোৱাৰ পথত পথ দুৰ্ঘটনা !

মৃত্যু কমেও ১০ তীৰ্থযাত্ৰীৰ মৃত্যু , আহত ১৯

accident

Prayagraj Accident:

মহাকুম্ভত অমৃত স্নানৰ উদ্দেশ্যে যোৱাৰ পথত দুৰ্ঘটনা পতিত হ’ল  তীৰ্থযাত্ৰীৰ গাড়ী । এখন বাছৰ খুন্দাত চাৰিচকীয়া বাহন ভাঙি চূৰ মাৰ হয়।গাড়ীখনত আছিল ১০ জন লোক । তেওঁলোকৰ সকলোৰে মৃত্যু হয়। ইয়াৰ ওপৰিও দুৰ্ঘটনাটোত কমেও ১৯ জন আহত হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিষয়াসকলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে। তেওঁ আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। অব্যাহত আছে উদ্ধাৰ অভিযান।

দুৰ্ঘটনাটো শুক্ৰবাৰে মাজনিশা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। ব’লেৰো গাড়ীখনত থকা সকলো লোক ছত্তীশগড়ৰ বাসিন্দা। তেওঁলোক উত্তৰ প্ৰদেশৰ ত্ৰিবেণী সংগমত পবিত্ৰ ডুব দিবলৈ মহাকুম্ভলৈ ৰাওনা হয়।

উল্লেখ্য যে,গাড়ীখনৰ স’তে সংঘৰ্ষ হোৱা বাছখনেও তীৰ্থযাত্ৰীসকলক লৈ যায়। বাছখনে কুম্ভৰ পৰা মধ্য প্ৰদেশৰ ৰাজগড়লৈ তীৰ্থযাত্ৰীসকলক লৈ গৈ আছিল।বাছখনত থকা যাত্ৰীসকলো আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যেই ১৯ জন লোকক ৰামনগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

মিৰ্জাপুৰ-প্ৰয়াগৰাজ ৰাষ্ট্ৰীয় ঘাইপথত বাছখন গাড়ীখনৰ স’তে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহায় কৰে ।

পাছত আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্মী উপস্থিত হয়। দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মুখ্যমন্ত্ৰী আদিত্যনাথে দুৰ্ঘটনাটোত নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক আহতসকলৰ চিকিৎসাত যাতে কোনো সমস্যা নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

Exit mobile version