Assam Assembly Budget Session In Kokrajhar:প্ৰথম বাৰৰ দিছপুৰৰ বাহিৰত অনুষ্ঠিত বিধানসভাৰ অধিৱেশন

ৰাজ্যপালৰ অভিভাষণৰে আৰম্ভ হয় বাজেট অধিৱেশনৰ প্ৰথম দিন, ৰাজ্যপালৰ ভাষণৰ মাজতে অখিল গগৈ সহ কে'বাজনো বিধায়কৰ হুলস্থূলীয়া পৰিবেশ

kokrajhar

Assam Assembly Budget Session In Kokrajhar:

শ্বিলঙৰ পৰা দিছপৰলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ কোকৰাঝাৰস্থ বিটিচিৰ পৰিষদীয় বিধানসভাত দিনৰ ১২ বজাৰ পৰা ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হয় সদনৰ কাম-কাজ। এদিনৰ বাবে কোকোৰাঝাৰত অনুষ্ঠিত অধিৱেশনত অংশ গ্ৰহণকাৰী মন্ত্ৰী-বিধায়কসকলক চাবলৈ আৰু আদৰিবলৈ ওলাই আহে ৰাইজ ৷ পৰিষদৰ বাহিৰত যথেষ্ট লোকৰ সমাগম হয় ৷

ADVERTISEMENT

সদনৰ কামকাজ আৰম্ভ হয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সুদীৰ্ঘ ভাষণৰে ৰাজ্য চৰকাৰে লোৱা বিভিন্ন কৰ্মসূচীৰ কথা উল্লেখ কৰি কয় মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শনত প্ৰগতিৰ দিশত আগবাঢ়িছে অসম ৷ আগন্তুক দিনত ৰাজ্য খন উন্নয়ন গতিৰ ধাৰা অব্যাহত থাকিব বুলি আশা কৰে ৷

আনহাতে ৰাজ্যপালৰ ভাষণৰ মাজতে অখিল গগৈ সহ কে’বাজনো বিধায়কে এক হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰাত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিধায়ক সকলক নিজৰ আসনত বহিবলৈকয় ৷

উল্লেখ্য যে ,পোন প্ৰথমবাৰৰ বাবে কোকোৰাঝাৰত অনুষ্ঠিত বিধানসভাৰ অধিৱেশনত অংশ ল’বৰ বাবে দেওবাৰেও ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত হয় চহৰ খনত ৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আজি পুৱা ভাগত উপস্থিত হয় কোকোৰাঝাৰত ৷

আন আন মন্ত্ৰী- বিধায়ক সকল দিছপুৰস্থ অসম বিধানসভাৰ চৌহদৰ পৰা পাঁচখন চাৰ্টাড বাছেৰে সোমবাৰে পুৱাৰ কোকোৰাঝাৰলৈ ৰাওনা হয় ৷ যাত্ৰাপথত মন্ত্ৰী-বিধায়ক সকলে বজালী জিলা প্ৰশাসনৰ আতিথ্যত বজালী পুৱাৰ জলপান গ্ৰহণ কৰিবৰ বাবে কিছু সময় ৰয় ৷ পিছত পুনৰ ৰাওনা হয় কোকোৰাঝাৰলৈ ৷

এঘাৰবজাত মন্ত্ৰী-বিধায়ক সকলক কঢ়িয়াই নিয়া পাঁচ চাৰ্টাড বাছ প্ৰৱেশ কৰে বিটিচি পৰিষদীয় বিধানসভা চৌহদত ৷ অধিৱেশনলৈ অহা মন্ত্ৰী-বিধায়ক-বিধায়িকাক আদৰণি জনায় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিচি মুৰব্বী প্ৰমোদ বড়ো আৰু বিটিচি পৰিষদীয় বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়োৱে ৷

Exit mobile version