Sikh: পাগুৰি খুলিবলৈতে বাধ্য কৰোৱা হৈছে ! আমেৰিকাৰ পৰা বহিস্কাৰ কৰা শিখসকলৰ ভিডিঅ’ ই এতিয়া  সৃষ্টি কৰিছে বিতর্কৰ

Capture 32

Sikh: পাগুৰি খুলিবলৈতে বাধ্য কৰোৱা হৈছে ! আমেৰিকাৰ পৰা বহিস্কাৰ কৰা শিখসকলৰ ভিডিঅ’ ই এতিয়া  সৃষ্টি কৰিছে বিতর্কৰ

মানৱ অধিকাৰ খৰ্ব কৰি হাত ভৰি শিকলিৰে বান্ধি আমেৰিকাৰ পৰা ভাৰতলৈ পঠিওৱাৰ অভিযোগ । দেওবাৰে নিশা অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰা আমেৰিকাৰ পৰা বহিস্কাৰকৰা অধিকাংশই শিখ। কিন্তু তেওঁলোকৰ মূৰত পাগুৰি নাই!

এটা ভাইৰেল ভিডিঅ’ত এই দৃশ্য প্ৰকাশ হোৱাৰ পাছতে, সমালোচনাৰ সৃষ্টি হৈছে।

শিখসকলৰ সৰ্বোচ্চ ধৰ্মীয় সংগঠন শিৰোমণি গুৰদ্বাৰা পৰবন্ধক কমিটি ক্ষোভিত হৈ পৰিছে । অভিযোগ অনুসৰি শিখসকলে পাগুৰি খুলি বিমানলৈ উভতি যাবলৈ বাধ্য হয়।

১১৬ জন প্ৰব্ৰজনকাৰীক কঢ়িয়াই নিয়া এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমান দেওবাৰে নিশা অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে। তাৰ পৰা ওলাই অহাৰ সময়ত দেখা গৈছে যে কিছুমান শিখৰ মূৰত পাগুৰি নাছিল।বিমানবন্দৰৰ কাঁচৰ দুৱাৰৰ মাজেৰে অহা তেওঁলোকৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

পাগুৰি শিখসকলৰ বাবে অতি পৱিত্ৰ। এইটো তেওঁলোকৰ ধৰ্মৰ অংশ। পাগুৰিবিহীন শিখক তেওঁৰ সম্প্ৰদায়ৰ পৃথিৱীৰ লগতে বাহিৰৰ পৃথিৱীতো নিন্দিত কৰা হয়।

অভিযোগ অনুসৰি আমেৰিকাৰ পৰা ঘূৰাই পঠোৱা শিখসকলক তেওঁলোকৰ পাগুৰি আঁতৰাবলৈ বাধ্য কৰা হৈছিল। আমেৰিকাৰ পৰা ঘূৰাই পঠোৱা শিখসকলক পাগুৰি আঁতৰাবলৈ বাধ্য কৰা বুলি অভিযোগক লৈ হুলস্থূলৰ সৃষ্টি হৈছে।

শিৰোমণি গুৰুদ্বাৰা পৰিবন্ধক সমিতিয়ে (এছজিপিচি) ঘটনাটোক গৰিহণা দিয়ে। সংগঠনটোৰ সাধাৰণ সম্পাদক গুৰচৰণ সিং গ্ৰেৱালে কয়, “ভাৰতীয়সকলক এনেদৰে শিকলি বন্দী অনাটো অতি দুখজনক। আনকি শিখ সম্প্ৰদায়ৰ লোকসকলকো পাগুৰি পিন্ধিবলৈ অনুমতি দিয়া হোৱা নাছিল। পাগুৰি আমাৰ ধৰ্মৰ এটা অংশ।”

গুৰচৰণ সিং গ্ৰেৱালে জনাই যে তেওঁলোকে বিষয়টো ট্ৰাম্প প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব। আনহাতে, শিৰোমণি অকালি দলৰ (এছএডি) নেতা বিক্ৰম সিং মাজিথিয়াই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক বিষয়টো তৎক্ষণাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনৰ ওচৰত উত্থাপন কৰিবলৈ আহ্বান জনাইছিল যাতে ঘটনাটো পুনৰাবৃত্তি নহয়।

সৰ্বোপৰি, আমেৰিকাৰ পৰা ভাৰতীয়সকলক ‘অমানৱীয়’ বহিষ্কাৰ কৰাটো এতিয়া ধৰ্মত বাধা দিয়াৰ অভিযোগৰ স’তে সম্পৰ্কিত।

Exit mobile version