Aiudf Protest In Assembly Campus:অসম বিধানসভাৰ চৌহদত এআইইউডিএফৰ উত্তাল প্ৰতিবাদ

11 45

Aiudf Protest In Assembly Campus:অসম বিধানসভাৰ চৌহদত এআইইউডিএফৰ উত্তাল প্ৰতিবাদ

ADVERTISEMENT

হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ

বিদেশী ন্যায়াধীশকৰণে অবৈধভাৱে বিদেশী সজোৱাৰ অভিযোগ এআইইউডিএফৰ

:অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনটোত সদনৰ বাহিৰত উত্তাল প্ৰতিবাদ এআইইউডিএফৰ ৷ বিৰোধী দলৰ বিধায়কসকলে হাতত প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

এই সন্দৰ্ভত জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে কয়,বিদেশী ন্যায়াধীশকৰণে এটা পৰিয়াল ভাৰতীয় নাগৰিক হোৱাৰ পিছতো সেই পৰিয়ালৰে আন এজনক বিদেশী সজাই ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰা দৰে কাৰ্যই এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ এনে কেতবোৰ দাবীৰে আজি সদনত এআইইউডিএফয়ে উদ্থাপন কৰে সভা স্থগিতৰ প্ৰস্তাৱ ৷ কিন্ত শাসকীয় দলৰ বিধায়কসকলে হুলস্থূল কৰি আন বিষয়ত সভা স্থগিতৰ প্ৰস্তাৱ আনে ৷

যাৰ প্ৰতিবাদস্বৰূপে AIUDFৰ বিধায়কসকলে সদন ত্যাগ কৰি বিধানসভা চৌহদত প্ৰতিবা সাব্যস্ত কৰে বুলি সদৰি কৰে জ্যেষ্ঠ বিধায়কজনে ৷

Exit mobile version