Donald Trump on USAID:
ভাৰতীয় ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰিবলৈ আমেৰিকাই ১৪২ কোটি টকা (দুই কোটি ১০ লাখ ডলাৰ) অনুদান দিছিল । ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পাছতেই এই অনুদান বাতিল কৰা হয়।আমেৰিকা যুক্তৰাষ্ট্ৰত এলন মাস্কৰ চৰকাৰী দক্ষতাৰ কাৰ্যালয়ে কিছুদিনৰ আগতে এই অনুদান বাতিল কৰাৰ কথা ঘোষণা কৰে । ৰাষ্ট্ৰপতি ট্ৰাম্পেও ঘোষণাটো সমৰ্থন জনাই।তেঁওৰ প্ৰশ্ন ,”আমি ভাৰতক ইমান টকা কিয় দিব লাগে? তেওঁলোকে আমাৰ পৰা বহুত টকা লয়!”
শেহতীয়াকৈ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা ভ্ৰমণ কৰি আহে । তেওঁ ট্ৰাম্পৰ স’তেও এখন বৈঠক মিলিত হয়। ট্ৰাম্পে জনাই ভাৰত আৰু মোডীক তেওঁ সন্মান কৰোঁ । কিন্তু ইয়াৰ স্বত্ত্বেও, তেওঁ ভাৰতৰ বাবে ইমান বৃহৎ পৰিমাণৰ ধন খৰচ কৰাটো গ্ৰহণ কৰিব নোৱাৰে।
তেওঁ কয়,”আমি ভাৰতক কিয় দুই কোটি ১০, লাখ ডলাৰ দি আছো? তেওঁলোকৰ ওচৰত বহুত টকা আছে। আমাৰ পৰা তেওঁলোকে বহুত কৰ লয়। তেওঁলোকৰ কৰ ইমানেই বেছি যে আমি তেনেকৈ ব্যৱসায় কৰিব নোৱাৰো ।”
ট্ৰাম্পে তেতিয়া মোডীৰ কথা উল্লেখ কৰি কয়, “ভাৰত আৰু তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ পৰম শ্ৰদ্ধা আছে। কিন্তু ইয়াৰ সেই বুলিয়ে ভাৰতত ভোটৰ হাৰ বৃদ্ধিৰ বাবে ২.১০ লাখ ডলাৰ?”
অনুদান বাতিল কৰা দস্তাবেজখনত স্বাক্ষৰ কৰাৰ পাছতেই ট্ৰাম্পৰ এই মন্তব্য । দেওবাৰে, মাস্কৰ কাৰ্যালয়ে ভাৰতলৈ এই অনুদান বন্ধ কৰাৰ কথা ঘোষণা কৰে। কেৱল ভাৰতেই নহয়, তেওঁলোকে কয় যে সমগ্ৰ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত আৱণ্টন বাতিল কৰা হৈছে। মাস্কৰ কাৰ্যালয়ে এই সকলো আৱণ্টন, সেইবোৰৰ প্ৰয়োজনীয়তা বিশ্লেষণ কৰে ।