Germany Parliament Election 2025:
২০১৬ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিভিন্ন দেশৰ নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ অভিযোগ বাৰে বাৰে উত্থাপন হৈ আহিছে। সেই তালিকাত নতুনকৈ সংযোজন হৈছে জাৰ্মানীৰ আগন্তুক সাধাৰণ নিৰ্বাচন। অহা ২৩ ফেব্ৰুৱাৰীত জাৰ্মানীৰ সংসদ বুন্দেষ্টাগত হ’ব ভোটদান প্ৰক্ৰিয়া । তাৰ আগতে ,ৰাছিয়াৰ বিৰুদ্ধে মিছা তথ্য আৰু বাতৰি প্ৰচাৰ কৰি ভোটদান প্ৰক্ৰিয়াক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ ।
জাৰ্মান সংসদত দাখিল কৰা এক প্ৰতিবেদন অনুসৰি, ৰাছিয়াই জাৰ্মানীত ২০২১ চনৰ নিৰ্বাচনতো প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল। শেহতীয়া ইউৰোপীয় ইউনিয়নৰ নিৰ্বাচনত, ৰাছিয়াৰ চোৰাংচোৱা সংস্থাৰ চাইবাৰ প্ৰচাৰ বিশেষজ্ঞসকলে একেধৰণে প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰে ।
চেণ্টাৰ ফৰ মনিটৰিং, এনালাইচিছ এণ্ড ষ্ট্ৰেটেজিছ (চিইএমএএছ) নামৰ ভোট পৰ্যবেক্ষণ সংস্থা কয় যে ৰাছিয়াৰ চাইবাৰ অভিযানৰ মুখ্য লক্ষ্য হৈছে মধ্যপন্থী দলসমূহ। পুটিনৰ চোৰাংচোৱা সেৱাই তেওঁলোকৰ ক্ষতি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বেছিভাগ ভুৱা বাতৰি এছ পি ডি (চাঞ্চেলৰ ওলাফ স্কোলজৰ দল), গ্ৰীণ পাৰ্টি, চিডিইউ আৰু তেওঁলোকৰ মিত্ৰশক্তিৰ প্ৰাৰ্থীসকলৰ বিৰুদ্ধে প্ৰচাৰ কৰা হৈছে।
ৰাছিয়াৰ চাইবাৰ ব্ৰিগেডে বাওঁপন্থী ডাই লিংক বা উগ্ৰ সোঁপন্থী এফ ডি (অল্টাৰ্নেটিভ ফৰ জাৰ্মানি)ৰ বিৰুদ্ধে বিশেষ প্ৰচাৰ চলোৱা নাই।