MP Rakibul Hussain:ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ

দেহৰক্ষীক গুৰুলা গুৰুলকৈ প্ৰহাৰ দুৰ্বৃত্তৰ, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেহৰক্ষীৰ শূন্যলৈ গুলী

rakibul new

MP Rakibul Hussain:ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ

ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি | নগাঁৱৰ ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ | নিৰাপত্তাৰক্ষীৰ সন্মুখতে আক্ৰমণ পুত্ৰসহ সাংসদ গৰাকীক | নিৰাপত্তাৰক্ষীৰ সন্মুখতে আক্ৰমণ পুত্ৰসহ সাংসদ গৰাকীক । পুত্ৰৰ স’তে স্কুটীৰে সভালৈ গৈ থকাৰ সময়তে ক্ৰিকেট বেটেৰে আক্ৰমণ কৰে মুখত ক’লা কাপোৰ পিন্ধা দুৰ্বৃত্তই ।

ADVERTISEMENT

উল্লেখ্য যে, সাংসদ গৰাকীয়ে নতুন চামগুৰি সমষ্টিৰ গুণাবাৰীত এক কংগ্ৰেছৰ কৰ্মী সভালৈ যোৱা পথত ৰূপহীত কলা পতাকা প্ৰদৰ্শন কৰে একাংশ লোকে। মুখত কলা কাপোৰ বান্ধি গ’ বেক ধ্বনি দিয়াৰ লগতে ক’লা পতাকা প্ৰদৰ্শন কৰে সাংসদ গৰাকীক।

আনহাতে পৰিস্থিতি উত্তপ্ত হৈ পৰাত পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ সাংসদ গৰাকীৰ দেহৰক্ষীয়ে শূন্যলৈ গুলী ফুটাই।ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত ৰূপহী হাটত। সাংসদ ৰকিবুল হুছেইনক প্ৰহাৰৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। ঘটনাটোৰ পৰিপ্ৰেক্ষিতত বৰাই কয়,এই ক্ষেত্ৰত গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

এগৰাকী নিৰ্বাচিত যুৱ প্ৰতিনিধিক এনেদৰে ৰাস্তাৰ মাজত কৰা প্ৰহাৰৰ ঘটনা নতুন নহয় বুলিও তেওঁ উল্লেখ কৰে ।  আনকি তেওঁ দাবী কৰে যে এসময়ত বিজেপিৰ গুণ্ডাই তেওঁক আৰক্ষীৰ সন্মুখতে ৰাস্তাত আক্ৰমন কৰিছিল এই ক্ষেত্ৰত তেওঁ গোচৰ ৰুজু কৰা পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো দাবী কংগ্ৰেছৰ সভাপতি গৰাকীৰ।

Exit mobile version