Vishal Dadlani slams Yogi Adityanath:
মহাকুম্ভ ত্ৰিবেণী সংগমৰ পানী প্ৰদূষিত। কোটি কোটি মানুহৰ মল আৰু প্ৰস্ৰাৱৰ পৰা পানীত বিয়পি পৰিছে বিপুল পৰিমাণৰ বেক্টেৰিয়া।
এই বিষয়ে এটা ৰিপোৰ্ট উপস্থাপন কৰে দ্য নেচনেল গ্ৰীণ ট্ৰিবিউনেলে। যদিও এই দাবী মানি ল’বলৈ অনিচ্ছুক প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । তেওঁৰ দাবী, গা ধোৱাৰ বাহিৰেও মহাকুম্ভৰ এই পানী ইমানেই বিশুদ্ধ যে এইয়া খোৱাৰো উপযোগী। মহাকুম্ভত প্ৰতিদিনে কোটি কোটি লোকৰ ভিৰ পৰিলক্ষিত হৈছে । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ত্ৰিবেণী সংগমত ডুব দিবলৈ উপস্থিত হৈছে ভক্ত।
উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এনজিটি) বৰ্তমান ত্ৰিবেণী পানী বিশুদ্ধ নহয় অৰ্থাৎ এই পানী বেক্টেৰিয়াৰে পৰিপূৰ্ণ বুলি জনোৱাৰ পাছতেই বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ পাছতে এতিয়া যোগীৰ এই মন্তব্যক লৈ পুনৰ সমালোচনৰ সৃষ্টি হয়। এইবাৰ, এই প্ৰসংগত যোগীক ছেলেঞ্জ জনালে বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশালে ।
ছ’চিয়েল মিডিয়াত এই সংক্ৰান্তত এটা বাতৰি শ্বেয়াৰ কৰি বিশালে লিখিছে, “ছাৰ, নিন্দকসকলৰ কথা নুশুনিব । আমি আপোনাক বিশ্বাস কৰোঁ। অনুগ্ৰহ কৰি আপুনি নিজেই নদীৰ পৰা এই পানী খাই সেই দৃশ্য কেমাৰত বন্দী কৰক । ”
ইয়াতেই শেষ নহয় ! বিশালে আন এটা প’ষ্ট শ্বেয়াৰ কৰি লিখিছে, “যদি আপুনি ডিচেণ্ট্ৰি, কলেৰা, কৃমি এইসমূহলৈ ভয় নকৰে – তেন্তে বুজিব লাগিব যে আপোনাৰ ছুপাৰ পাৱাৰ আছে। অনুগ্ৰহ কৰি আপুনি আগবাঢ়ি যাওঁক আৰু এই নলাত নিজে আৰু আপোনাৰ পৰিয়ালটোৱে স্নান কৰক।” উল্লেখ্য যে বিশালৰ মহাকুম্ভক লৈ এইটোৱেই প্ৰথম মন্তব্য নহয়। তেওঁ ইয়াৰ আগতেও মহাকুম্ভক লৈ কটাক্ষ কৰিছে ।