Terrorist Arrested And Arms Recovered In Manipur: মণিপুৰত সেনা- আৰক্ষীৰ অভিযানত আটক ১৬ দুৰ্ধৰ্ষ উগ্ৰপন্থী

জব্দ বুজন পৰিমাণৰ মাৰাণস্ত্ৰ

manipur

Terrorist Arrested And Arms Recovered In Manipur:

ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীৰ যৌথ অভিযানত কে’বাজনো দুৰ্ধৰ্ষ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ মাৰাণস্ত্ৰ।

বুধবাৰ আৰু বৃহস্পতিবাৰে মণিপুৰৰ কাকচিং জিলা, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, থৌবাল, টেংগনৌপাল আৰু জিৰিবামত যৌথ চোৰাংচোৱাৰ খবৰৰ ভিত্তিক স্পিয়াৰ কৰ্পছৰ অধীনস্থ অসম ৰাইফলছ আৰু ভাৰতীয় সেনাৰ ফৰ্মেশ্যনে অৰ্তকিতে অভিযান চলাই কেচিপি (পিডব্লিউজি)ৰ ১৬ জন কেডাৰক আটক কৰাৰ লগতে এটা এ কে ছিৰিজৰ অস্ত্ৰ, এটা ইনছাছ, এটা স্নাইপাৰ আৰু এটা ১২ ব’ৰ অস্ত্ৰ আৰু যুদ্ধৰ দৰে ষ্ট’ৰও উদ্ধাৰ কৰা হয়। আনহাতে উদ্ধাৰ হোৱা সামগ্রীসহ আটকাধীন উগ্ৰপন্থী কেইজনক মণিপুৰ আৰক্ষীক গতাই দিয়া হয় ৷

Exit mobile version