Bangladesh:সন্ত্ৰাসবাদক পানীৰ দৰে গণ্য কৰিব নকৰিব !

দিল্লীয়ে পৰামর্শ দিলে ঢাকাক

randhir

Bangladesh:

শুকুৰবাৰে এখন সংবাদমেলত নতুন দিল্লীয়ে বাংলাদেশৰ সন্ত্ৰাসবাদ আৰু সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত হোৱা অত্যাচাৰ সন্দৰ্ভত ঢাকাক এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আগত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে।

এক প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে বৈদেশিক পৰিক্ৰমা উপদেষ্টা তোহিদ হোছেইনে শেহতীয়াকৈ মাস্কটত অনুষ্ঠিত ভাৰত মহাসাগৰীয় সন্মিলনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰে।

জয়শংকৰক বাংলাদেশে তাত চাৰ্কক শক্তিশালী কৰিবলৈ অনুৰোধ জনাইছিল । জয়ছোৱালে কয়, “ছাৰ্কৰ বিষয়টো বাংলাদেশৰ হৈ জয়শংকৰৰ আগত উত্থাপন কৰা হৈছিল। কিন্তু দক্ষিণ এছিয়াৰ সকলোৱে জানে কোনখন দেশ আৰু তেওঁলোকৰ কাৰ্যকলাপে ছাৰ্কক স্থগিত ৰাখিছে। বাংলাদেশক এটা বাৰ্তা দিয়া হৈছে যে তেওঁলোকে সন্ত্ৰাসবাদক পানীৰ দৰে গণ্য কৰিব নালাগে।”

২০১৬ চনৰ ছেপ্টেম্বৰ মাহত জম্মু-কাশ্মীৰৰ উৰিত ভাৰতীয় সেনাৰ শিবিৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ছাৰ্ক শীৰ্ষ সন্মিলনৰ গতি হেৰুৱাইছে। পাকিস্তানক আক্ৰমণৰ বাবে দোষাৰোপ কৰি ভাৰতে তেতিয়া কয় যে সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে চলিব নোৱাৰে।

শুকুৰবাৰে দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীৰ বৈঠকত বিজিপিৰ ডিজিয়ে কয় যে বাংলাদেশৰ সংখ্যালঘুৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ বিষয়টো সংবাদ মাধ্যমে অতিৰঞ্জিত কৰিছে। দুৰ্গা পূজাৰ সময়তো পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল। জয়ছোৱালে আজি প্ৰশ্নটোৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীৰ ৱাশ্বিংটন ভ্ৰমণৰ সময়ত ভাৰতে আমেৰিকাক উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁৰ কয়, “যোৱা কেইমাহমানৰ পৰা সংখ্যালঘুৰ নিৰাপত্তা কেনেদৰে বিঘ্নিত হৈছে, সেই বিষয়ে আমি সকলোৱে ভালদৰেই জানো। শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ ৱাশ্বিংটন ভ্ৰমণৰ সময়ত এই বিষয়টো উত্থাপন হৈছিল। এই সন্দৰ্ভত আমি তেওঁলোকৰ উদ্বেগ প্ৰকাশ কৰিছো। বাংলাদেশৰ একাংশ উপদেষ্টাৰ ভাৰত বিৰোধী মন্তব্যক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰক সোধা-পোছা কৰা হয়।

ইয়াৰ প্ৰত্যুত্তৰত জয়ছোৱালে কয় ,”ভাৰতে এই সকলোবোৰ মন্তব্যৰ প্ৰতি লক্ষ্য ৰাখিছে। এনে মন্তব্য আৰু বাংলাদেশৰ স’তে কাম কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱৰ বিষয়েও আমি অৱগত। এনে মন্তব্য নিশ্চয় সহায়ক নহয়। তেওঁলোকে প্ৰতিক্ৰিয়াৰ বিষয়ে চিন্তা কৰিব লাগিব।”

Exit mobile version