Gurugram:গাড়ীতেই প্ৰসৱ বেদনা অন্তঃসত্ত্বাৰ ! কেব চালকৰ সহায়ত প্ৰাণ পালে নৱজাতকে

cab

Gurugram:

পত্নীৰ প্ৰসৱ বেদনা ! তেওঁক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে কেব বুক কৰিছে যুৱকে । কিন্তু গাড়ীৰে অলপ দূৰ যোৱাৰ পাছতে প্ৰসৱৰ বিষ যথেষ্ট বৃদ্ধি হ’বলৈ আৰম্ভ কৰিলে । উপায় উলিয়াই দম্পতীহালক সহায় কৰিলে কেব চালকজনে । মহিলা গৰাকীক প্ৰসৱৰ ক্ষেত্ৰত সহায় কৰি এটা কণমানিক প্ৰাণ দিলে কেব চালকে ।

তথ্য অনুসৰি ঘটনাটো গুৰুগ্ৰামৰ । মহিলাগৰাকীয়ে বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত প্ৰসৱ বেদনা আৰম্ভ হয়। তাৰ পাছতে তেওঁৰ স্বামীয়ে এখন কেব বুক কৰে। ইয়াৰ পাছতে তেওঁৰ পত্নীৰ স’তে চিকিৎসালয়লৈ ৰাওনা হয়। কিন্তু কিছু দূৰ যোৱাৰ পাছতে ৰাস্তাৰ মাজতে  মহিলা গৰাকীৰ শাৰীৰিক অৱস্থা অধিক অৱনতি ঘটে।

তেওঁক বিষত ছটফটাই থকা দেখি কেব ড্ৰাইভাৰ বিকাশ আগবাঢ়ি আহে । তাৰ পাছতে তেওঁ গাড়ীখন ৰখাই মহিলা গৰাকীক প্ৰসৱ কৰাত সহায় কৰে । এটা নৱজাতকৰ জন্ম হোৱাৰ পাছতে বিকাশে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়।

এনে পৰিস্থিতিৰ দম্পতীহালৰ কাষত থিয় হোৱাৰ উপৰিও  বিকাশে দম্পতীহালৰ পৰা কোনো ধন লোৱা নাছিল। তেওঁৰ ভাড়া আছিল ১৬৮ টকা। কিন্তু তেওঁ এইটো ল’ব নিবিচাৰিলে। চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছতে তেওঁ গাড়ী লৈ উভতি যায়। এই মানৱীয় ঘটনাই এতিয়া নেটিজেনসকলৰ হৃদয় স্পৰ্শ কৰিছে। বহুতে তেওঁক “হিৰো” বুলি অভিহিত কৰিছে । উল্লেখ্য যে ,বুদ্ধিমত্তা আৰু বিকাশৰ তৎপৰতাৰ বাবেই মাতৃ আৰু নৱজাতক দুয়ো এতিয়া সুস্থ।

Exit mobile version