Police Encounter:
ধৰ্ষণৰ গোচৰত চাৰিজন অভিযুক্তক ‘এনকাউণ্টাৰ‘ তামিলনাডু আৰক্ষীৰ । ধৰ্ষণৰ উপৰিও এই চাৰিজন লোকৰ বিৰুদ্ধে আছিল ডকাইতিৰ অভিযোগ। দীৰ্ঘদিন ধৰি আৰক্ষীয়ে চাৰিওজন অভিযুক্তক বিচাৰি আছিল। বৃহস্পতিবাৰে গোপন সূত্ৰৰ তথ্য অনুসৰি,পোনমালাই অঞ্চলৰ সমীপৰ এটা ঠাইত আত্মগোপন কৰি আছিল চাৰিওজন অভিযুক্ত।
তাৰ পাছতে আৰক্ষীৰ এটা বিশেষ দলে গৈ অঞ্চলটোত উপস্থিত হয় । আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰথমে তেওঁলোকক দেখি চাৰিওজন অভিযুক্তই পলায়নৰ চেষ্টা কৰে । কিন্তু তেওঁলোকক সম্পূৰ্ণৰূপে আগুৰি পেলোৱা হৈছিল । তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈও কোৱা হয়। কিন্তু এনে কৰাৰ পৰিৱৰ্তে অভিযুক্তজনে আৰক্ষীৰ দলটোক গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।
আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে । উল্লেখ্য যে চাৰিজনৰ মাজৰ দুজন গুলীবিদ্ধ। আন এজন অভিযুক্তৰ ভৰিত আঘাত প্ৰাপ্ত হয়। তাৰ পাছতে চাৰিওজনকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আহত তিনিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, দম্পতীহাল ১৯ ফেব্ৰুৱাৰীত তিৰুপাথুৰলৈ গৈছিল। তাতে তেওঁলোকে এখন বাছ ষ্টেণ্ডৰ সন্মুখত বাছৰ বাবে অপেক্ষা কৰি আছিল।
তেতিয়া বাজিছিল আবেলি তিনিটা । সেই সময়তে এখন গাড়ীত চাৰিজন যুৱক আহি দম্পতীহালক অস্ত্ৰ দেখুৱাই গাড়ীত উঠিবলৈ বাধ্য কৰোৱাই । অভিযোগ অনুসৰি তেওঁলোকক নিৰ্জন স্থানত ৰখাই মহিলাগৰাকীৰ স্বামীক এজোপা গছত বান্ধি থয়। উল্লেখ্য যে ইয়াৰ পাছতে মহিলা গৰাকীৰ গহনা লুটি তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হয়। সেই ঘটনাৰ পাছৰে পৰা আৰক্ষীয়ে তেঁওলোকৰ অনুসন্ধান চলাই আছিল।