State Bjp SpL Meeting:
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণ, ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.oৰ প্ৰস্তুতি সন্দৰ্ভত শনিবাৰে ৰাজ্যিক কাৰ্যালয়ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়।
সভাত নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণ সন্দৰ্ভত বিভিন্ন দিশ খৰচি মাৰি আলোচনা কৰে দলীয় জ্যেষ্ঠ নেতৃবৰ্গই ৷ এই সভাত উপস্থিত থাকে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু , সাধাৰণ সম্পাদক পুলক গোহাঁই, অসম চৰকাৰৰ জয়ন্ত মল্ল বৰুৱা , সাংসদ বিজুলী কলিতা মেধি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন কুমাৰ দাস সহ গুৱাহাটীস্থ ৰাজ্যিক বিষয়ববীয়া আৰু গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকল।