Uttar Pradesh উত্তৰপ্রদেশৰ অংগনৱাড়ী নিয়োগত বৃহৎ দুর্নীতি!

WhatsApp Image 2025 02 24 at 13.48.32

Uttar Pradesh উত্তৰপ্রদেশৰ অংগনৱাড়ী নিয়োগত বৃহৎ দুর্নীতি!

পত্ৰ লিখি অভিযোগ, খোদ যোগীৰ মন্ত্ৰীৰ

দুৰ্নীতিৰ অভিযোগত পুনৰ শিৰোনামলৈ আহিছে উত্তৰ প্ৰদেশৰ অংগনৱাড়ী বিভাগ । এই বিভাগত কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ মন্ত্ৰী প্ৰতিভা শুক্লাই অংগনবাড়ী বিভাগৰ শীৰ্ষ বিষয়ালৈ পত্ৰ লিখিছে।

এই পত্ৰ প্ৰকাশ পোৱাৰ পাছতে এতিয়া চাৰিওফালে সমালোচনাৰ সৃষ্টি হৈছে ।প্ৰতিভায়ে এই নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

অংগনবাড়ী বা আইচিডিএছত নিযুক্তিৰ দুৰ্নীতি আৰু শিশুৰ খাদ্যৰ মানদণ্ড উত্তৰ প্ৰদেশত বাৰে বাৰে চৰ্চালৈ আহিছে।

উল্লেখ্য যে,ৰাজ্যৰ বহু জিলাত ৫২ হেজাৰৰো অধিক অংগনবাড়ী পদ খালী হৈ আছে।

যদিও চৰকাৰে যোৱা বছৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, বহুতো জিলাত নিযুক্তিৰ অনিয়ম আৰু উচ্চ ন্যায়ালয়ত গোচৰৰ বাবে চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াত বাধাৰ সন্মুখীন হৈছে।

যোগী চৰকাৰে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ নেতৃত্বত এখন বিশেষ সমিতি গঠন কৰিছে।

ইফালে, দুৰ্নীতিৰ অভিযোগত উত্তৰ প্ৰদেশ অংগনৱাড়ীয়ে আকৌ এবাৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ।

ৰাজ্যখনৰ অংগনৱাড়ী বিভাগৰ মুৰব্বীলৈ লিখা এখন পত্ৰত মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে অংগনৱাড়ী কৰ্মীসকলক ধনৰ বিনিময়ত নিয়োগ কৰা হৈছে।

পত্ৰখনত, প্ৰতিভা শুক্লাই এই নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে। মন্ত্ৰীজনৰ এনে এখন পত্ৰই কঁপাইছে উত্তৰ প্ৰদেশ প্ৰশাসন ।উল্লেখ্য যে ,এই পত্ৰখন অতি গুৰুত্বসহকাৰে লোৱা হৈছে বুলি প্ৰশাসনে অৱগত কৰিছে।

Exit mobile version