Dhekiajuli:
জীৱন সংগ্রামত আত্মনিৰ্ভৰশীলতাৰ অনুকৰণীয় নিদৰ্শন দাঙি ধৰিছে ঢেকিয়াজুলিৰ পিৰাকাটা বগৰীবাৰী গাওঁৰ মাইদাংশ্ৰী ৰাভা নামৰ এগৰাকী জনজাতীয় মহিলাই। তিনিজন সন্তানৰ মাতৃ মাইদাংশ্ৰীয়ে নিজৰ পৰিয়ালৰ দ্বায়িত্ব স্বাভিমানৰ সৈতে বহন কৰাৰ উদ্দেশ্যে ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আহিছে। পৰিয়ালটোৰ আৰ্থিক দূৰৱস্থাৰ মাজতো সাহসিকতাৰ সৈতে আগবাঢ়ি যোৱা মাইদাংশ্ৰীয়ে সমাজত আত্মনিৰ্ভৰশীল মহিলাৰ উদাহৰণ দাঙি ধৰিছে। স্বামীয়ে দিন হাজিৰা কৰা মাইদাংশ্ৰী ৰাভাই নিজৰ পৰিয়ালৰ দ্বায়িত্ব ভাৰ বহন কৰিবলৈ হাতত ই-ৰিক্সাৰ ষ্টীয়াৰিং ধৰি আজিৰ দিনলৈকে আত্মবিশ্বাসৰ সৈতে নিজৰ জীৱনযাত্ৰা অব্যাহত ৰাখিছে।
মাইদাংশ্ৰীয়ে আৰম্ভণিৰ দিনবোৰত বিভিন্ন বাধা-বিপত্তিৰ সন্মুখীন হ’ব লগা হৈছিল। কিন্তু যিকোনো কঠিন পৰিস্থিতিক সাহসেৰে মোকাবিলা কৰি তেওঁ আগবাঢ়ি গৈছে। পৰিয়ালৰ প্ৰয়োজনীয় খৰচ যোগান ধৰাৰ লগতে নিজৰ সন্তানক শিক্ষা গ্ৰহণৰ সুবিধা কৰি মাইদাংশ্ৰীয়ে স্বাৱলম্বনৰ এই পথত যাত্রা আৰম্ভ কৰিছিল।মাইদাংশ্ৰী ৰাভাই মাইক্ৰফাইনেঞ্চৰ পৰা ঋণ লৈ ই-ৰিক্সা কিনাৰ পাছত কঠোৰ পৰিশ্ৰমেৰে নিজৰ কাম কৰি গৈছ ৷
সময়মতে ঋণ পৰিশোধ কৰাৰ লগতে পৰিয়ালৰ ভাৰ বহন কৰিছে। নিজৰ আত্মবিশ্বাস আৰু দৃঢ় মনোবলৰ বাবেই তেওঁ আজিৰ দিনলৈ এই কামত সফল হৈ আছে। যিকোনো অসম্ভৱকো সম্ভৱ কৰি তোলাৰ উদাহৰণ স্থাপন কৰি তেওঁ বহু মহিলাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।মাইদাংশ্ৰীয়ে দেখুৱাইছে যে সমাজৰ নাৰীসকলক কেৱল গৃহিণীৰ ভুমিকাত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি। ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম থাকিলে প্ৰতিজন মহিলাই স্বাৱলম্বী হোৱাৰ লগতে সমাজত নিজৰ প্ৰতিষ্ঠা লাভ কৰিব পাৰে। স্বাভিমান আৰু আত্মবিশ্বাসেৰে জীৱনযাত্ৰা অব্যাহত ৰাখি মাইদাংশ্ৰীয়ে প্রমাণ কৰিছে যে জীৱনত কোনো কাম অসম্ভৱ নহয়।
এই সন্দৰ্ভত মাইদাংশ্ৰী ৰাভাই কয়, “আমি মহিলাসকলো যদি মনত সাহস ৰাখি আগবাঢ়ো, তেন্তে নিজৰ ভাৰ নিজেই বহন কৰিব পাৰো। পৰিয়ালৰ বাবে কাম কৰি নিজে স্বাভিমানৰ সৈতে থাকিবলৈ এই কামে মোক আত্মবিশ্বাস দিছে।তেওঁৰ এই কাম আৰু পৰিশ্ৰম সমাজৰ আন মহিলাসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।