Dilapidated Roads:
ৰাজ্যখনৰ এটা অতি গুৰুত্বপূৰ্ণ গড়কাপ্টানী পথ হৈছে গুৱাহাটীৰ নাৰেংগী-মৰিগাঁও -নগাঁও আৰু কলিয়াবৰৰ নলতলী সংযোগী ৰাজ্যিক ঘাইপথ। নলতলীৰ পৰা মৰিগাঁও পর্যন্ত এই পথছোৱাক চিধা মৰিগাঁও পথ বুলিও কোৱা হয়। নিতৌ হেজাৰ হেজাৰ বিভিন্ন প্ৰকাৰৰ যানবাহন চলাচল কৰে এই ৰাজ্যিক ঘাই পথটোৱেদি। কিন্তু গড়কাপ্টানী বিভাগৰ তত্ত্বাৱধান আৰু মেৰামতিৰ অভাৱত এই পথটোৰ বিভিন্ন অংশ ভাগি ঠায়ে ঠায়ে প্রকাণ্ড প্রকাণ্ড গাঁতৰ সৃষ্টি হৈছে।
বিশেষকৈ পথটোৰ মৰিগাঁৱৰ পৰা নগাঁও হৈ নলতলী অংশটোৰ বিভিন্ন ঠাইত পথৰ মাজত সৃষ্টি হৈছে প্রকাণ্ড প্রকাণ্ড গাঁতৰ। ফলত খাল-ডোঙেৰে ভৰা এই পথটোৱেদি মৰণক শৰণ দি পথচাৰী অহা-যোৱা কৰিব লগা হৈছে। ৰাজ্যিক ঘাইপথটোৰ নগাঁও জিলাৰ জামুগুৰি-নমাটি সংযোগী অংশৰ লগতে নগাঁও চহৰৰ হয়বৰগাঁও আৰু হয়বৰগাঁৱৰ পৰা লাওখোৱা পর্যন্ত বিভিন্ন ঠাইত ভাঙি-ছিঙি প্রকাণ্ড প্রকাণ্ড গাঁতৰ সৃষ্টি হৈছে।
জামুগুৰি-কুঁজিদাহ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা দুশ মিটাৰ নিলগৰ পথৰ মাজত সৃষ্টি হোৱা প্রকাণ্ড গাঁতত বাহন পৰি একাধিক পথ দুর্ঘটনা ইতিপূর্বে সংঘটিত হৈছে। ইয়াৰ উপৰি চিধা মৰিগাঁও পথ হিচাপে জনাজাত এই পথটোৰ বহু স্থানতেই এতিয়া মেৰামতিৰ প্ৰয়োজন হৈ পৰিছে। ৰাইজেও পথটোৰ মেৰামতিৰ দাবী উত্থাপন কৰি আহিছে যদিও এই সন্দর্ভত লোকনির্মাণ বিভাগে চকু মুদি কুলিৰ ভাওহে ধৰি অহা পৰিলক্ষিত হৈছে।