Flying Car:কেলিফৰ্ণিয়াৰ আকাশত উৰন্ত গাড়ী !

califonia

Flying Car:

আকাশত গাড়ী চলোৱাৰ কথা শুনিছে নে ? হয় ঠিকেই পঢ়িছে! এইবাৰ আকাশত গাড়ী চলোৱাৰ সপোন দেখিছে কেলিফৰ্ণিয়াৰ ‘আলেফ এৰ’নটিক্স’ নামৰ এটা কোম্পানীয়ে । তেঁওলোকৰ দাবী , একেবাৰে নগৰীয়া পৰিবেশত তেওঁলোকে আকাশত গাড়ী উৰুৱাবলৈ সক্ষম হৈছে । স্বাভাৱিকতে এই সফল পৰীক্ষাটোক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে একাংশই ।

ADVERTISEMENT

২০১৫ চনত প্ৰতিষ্ঠা হৈছে এই আমেৰিকান কোম্পানীটো। ইয়াৰ মুখ্য কাৰ্যালয় ছান মেটেওত। আৰম্ভণিৰে পৰাই তেওঁলোকৰ লক্ষ্য আছিল আকাশত চলিব পৰা এখন বাহন তৈয়াৰ কৰা। শেহতীয়াকৈ তেওঁলোকৰ পৰীক্ষা নিৰীক্ষাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। য’ত দেখা গৈছে আকাশত উৰন্ত গাড়ী।ঠিক যেন হেৰী পটাৰৰ ‘হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্ৰেটছ’ উপন্যাসখনত থকা কাহিনী ।

এই কাহিনীটো এনে দৃশ্য দেখিবলৈ পোৱা গৈছে । কিন্তু সেইয়া আছিল কাল্পনিক কাহিনী আৰু এইয়া বাস্তৱ। যি ভৱিষ্যতে পৰিবহণৰ এক নতুন ছবি দাঙি ধৰিছে বুলি জ্ঞাত মহলে দাবী কৰে। কিন্তু এই পৰীক্ষা বৰ সহজ নাছিল। ৰাস্তাবোৰ জনশূন্য হোৱাৰ পাছতহে এই পৰীক্ষা কৰা হৈছে । এই পৰীক্ষণৰ সময়ত ওচৰত কোনো মানুহ দেখা পোৱা নাই ।

উল্লেখ্য যে ,সুৰক্ষাৰ সকলো দিশ পৰীক্ষা কৰা হৈছে আৰু পৰীক্ষাটো সম্পূৰ্ণ সফল হোৱাও দেখা গৈছে। যিয়ে সৃষ্টিকৰ্তাসকলক সুখী কৰে। বৰ্তমান আলেফৰ মডেল জেড গাড়ীখন বজাৰলৈ অনাৰ পৰিকল্পনা,। য’ত শূন্যতাত চাৰিজন মানুহে একেলগে উৰিব পাৰিব । ২০৩৫ চনৰ ভিতৰত এই গাড়ীখন বজাৰত বিক্ৰী কৰাৰ লক্ষ্য লৈছে। এই গাড়ীখন অটোমেটিক মোডত চলিব। শূন্যত উৰিব পাৰিব ২০০ মাইল । সকলো মিলি চলিব ৪০০ মাইল ।

উল্লেখ্য যে ,ইতিমধ্যে এই কোম্পানীটোৰ আন মডেলৰ উৰণীয়া গাড়ীৰ বাবে প্ৰায় ৩৫০০ এডভান্স বুকিং কৰা হৈছে। মূল্য তিনি লাখ মাৰ্কিন ডলাৰ।

Exit mobile version