Bhutan Agriculture Minister Calls on Assam Governor: ৰাজভৱনত অসমৰ ৰাজ্যপালক সাক্ষাৎ ভূটানৰ কৃষি মন্ত্ৰীৰ 

bhutan 1 scaled

Bhutan Agriculture Minister Calls on Assam Governor:

চুবুৰীয়া ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ইউণ্টেন ফুন্টোৰ নেতৃত্বত ভূটানৰ এঘাৰজনীয়া উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক বুধবাৰে ৰাজভৱনত সাক্ষাৎ কৰে। ভূটানী প্ৰতিনিধি দলটোৰে ৰাজ্যপালৰে হোৱা বৈঠকৰ সময়ত ৰাজ্যপাল আচাৰ্যই সাংস্কৃতিক, ঐতিহাসিক, আৰু অৰ্থনৈতিক আদান-প্ৰদানৰ জৰিয়তে যুগ যুগ ধৰি দুই বন্ধুৰাষ্ট্ৰৰ মাজত থকা সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ কথা উল্লেখ কৰে ৷

তেওঁ আৰু উল্লেখ কৰে যে ভাৰত আৰু ভূটান দুয়োখনেই ইজনে সিজনৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰতি গভীৰ প্ৰশংসাৰ অংশীদাৰ, যাৰ উদাহৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভূটানৰ পঞ্চম আৰু বর্তমানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ মাজত থকা বন্ধুত্ব।

ৰাজ্যপাল গৰাকীয়ে পাৰস্পৰিক লাভালাভৰ ক্ষেত্ৰত পৰিৱেশ পৰ্যটন আৰু সংৰক্ষণৰ প্ৰসাৰৰ বাবে যৌথ প্ৰচেষ্টাৰ আহ্বান জনায়। অসম-ভূটানৰ অংশীদাৰিত্বক সমৃদ্ধ কৰাৰ উপায় হিচাপে আধ্যাত্মিক পৰ্যটন চাৰ্কিট বৃদ্ধি কৰাৰ প্ৰস্তাৱো তেওঁ আগবঢ়ায়।

শিক্ষা আৰু দক্ষতা বিকাশৰ সন্দৰ্ভত ৰাজ্যপাল আচাৰ্যই অসম চৰকাৰৰ পদক্ষেপক আঙুলিয়াই দিয়ে, য’ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ৫ খন আসন ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত কৰিছে৷ এই পদক্ষেপে ভূটানৰ যুৱক-যুৱতীসকলক অসমত উপলব্ধ বিশ্বমানৰ শিক্ষা আৰু দক্ষতাৰ সুবিধা প্ৰদান কৰি সবলীকৰণৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।

ৰাজ্যপাল আচাৰ্যই বহনক্ষম কৃষি পদ্ধতিত দেশৰ নেতৃত্বক স্বীকৃতি দি জৈৱিক কৃষিৰ প্ৰসাৰৰ ক্ষেত্ৰত ভূটানে কৰা প্ৰচেষ্টাকো প্ৰশংসা কৰে।

আনহাতে ভূটানী কৃষি মন্ত্ৰী গৰাকীয়ে আগন্তুক গেলেফু মাইণ্ডফুলনেছ চিটি প্ৰকল্পৰ বিষয়ে ৰাজ্যপালক অৱগত কৰি ভূটান আৰু অসম উভয়ৰে বাবে ইয়াৰ সম্ভাৱ্য লাভৰ ওপৰত আলোকপাত কৰে। এই প্ৰকল্পৰ সফল বাস্তৱায়নৰ বাবে মন্ত্ৰী গৰাকীয়ে ৰাজ্যপালৰ সমৰ্থন আৰু সমন্বয়ৰ বাবে অনুৰোধ জনায়, যাৰ প্ৰতি ৰাজ্যপাল আচাৰ্যই সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে।

Exit mobile version