Maha Shivrati Celebration In Mahamrityunjaya Mandir:নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত দেৱাদিদেৱ মহাদেৱক আৰাধনা ভক্তৰ

sivratri

Maha Shivrati Celebration In Mahamrityunjaya Mandir:

মহাদেৱক আৰাধনাত মগ্ন ৰাজ্যৰ চৌদিশ ৷ পুৱাৰে পৰা ৰাজ্যৰ চোকে কোণে থকা শিৱ মন্দিৰ সমূহত বিস্তৃত কাৰ্যসূচীৰে উদযাপিত হৈছে শিৱৰাত্ৰি ৷ ধূপ-ধূনা, শৰাই-শলিতাৰে মহাদেৱক আৰাধনা ভক্তৰ ।

ৰাজ্যৰ ভিন্ন অঞ্চলৰ লগতে এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগ ৰূপে খ্যাত নগাঁৱৰ বঢ়মপুৰৰ ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰত আজি মহা ধুম ধামেৰে উদযাপন কৰা হয় মহা শিৱৰাত্রি। সৰ্বজন সমাদৃত মন্দিৰত পূৱাৰ পৰাই দেখা গ’ল উখল মাখল পৰিবেশ। হাজাৰ হাজাৰ ভক্তৰে বিৰ দি বাট নোপোৱা অৱস্থা পৰিলক্ষিত হয় মন্দিৰ চৌহদত । মহাদেৱৰ আৰাধনাৰে অষ্টাংগে নৈবেদ্য আগবঢ়ালে ভক্তপ্ৰণ ৰাইজে।

Exit mobile version