Donald Trump on Gold Card:মেধাৱী ভাৰতীয় শিক্ষাৰ্থীক চাকৰি দিব আমেৰিকাই !

আৰু কি সুবিধা আছে এই ‘গোল্ড কার্ড’ প্রকল্পত ?

gold card

Donald Trump on Gold Card:

আমেৰিকান কোম্পানীসমূহে প্ৰতিভাৱান ভাৰতীয় ছাত্ৰ-ছাত্ৰীক চাকৰিৰ সুবিধা প্ৰদান কৰিব । আমেৰিকাত থকাত আৰু কোনো সমস্যা নহ’ব তেওঁলোকৰ। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰা ‘গোল্ড কাৰ্ড’ আঁচনিৰ অধীনত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে আমেৰিকাত থাকিবলৈ আৰু কাম কৰাৰ সুযোগ লাভ কৰিব।

কেৱল ভাৰতেই নহয়, যিকোনো দেশৰ মেধাৱী শিক্ষাৰ্থীয়ে আমেৰিকাত ‘গোল্ড কাৰ্ড‘ আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব পাৰে। এই ক্ষেত্ৰত ট্ৰাম্পে ভাৰত, জাপান আৰু চীনৰ নাম পৃথকে ৰাখিছে। এটা অনুষ্ঠানত “গোল্ড কাৰ্ড”ৰ বিষয়ে আলোচনাত ট্ৰাম্পে কয় যে অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে আমেৰিকাত প্ৰকৃত প্ৰতিভাৰ মূল্য পোৱা নাই।

আমেৰিকাত পঢ়া-শুনা কৰিও নিজৰ দেশলৈ উভতি যাবলৈ বাধ্য হয়। ইচ্ছা কৰিলেও আমেৰিকাত কাম কৰিব নোৱাৰে। এই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে ‘গোল্ড কাৰ্ড’ আঁচনিৰ দ্বাৰা উপকৃত হ’ব। এই আঁচনিৰ জৰিয়তে আমেৰিকান কোম্পানীয়ে তেওঁলোকক মুক্তভাৱে নিযুক্তি দিব পাৰে। আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সকলে ‘গোল্ড কাৰ্ড’ আঁচনিৰ অধীনত চাকৰি লাভ কৰিব।

ট্ৰাম্পে কয়, “ভাৰত, চীন, জাপান বা আন ঠাইৰ পৰা আমেৰিকাত অধ্যয়ন কৰিবলৈ ছাত্ৰ-ছাত্ৰী আহে। হাৰ্ভাৰ্ড বা আন বিখ্যাত বিশ্ববিদ্যালয়লৈ যায়। ইয়াৰ পৰাই চাকৰিৰ অফাৰ পায় যদিও সেই প্ৰস্তাৱ লগে লগে নাকচ কৰে। কাৰণ, প্ৰতিভাৱান ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্তৃপক্ষই নাজানে তেওঁলোকে আমেৰিকাত থাকিব পাৰিব নে নোৱাৰে। গতানুগতিক অনুপ্ৰৱেশ নীতিয়ে এই সমস্যাৰ সৃষ্টি কৰিছে।

ইয়াৰ লগতে তেওঁ স্বীকাৰ কৰিছে যে এই নীতিয়ে বহু প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক আমেৰিকা এৰি যাবলৈ বাধ্য কৰাইছে ।তেওঁলোকে নিজৰ দেশলৈ উভতি গৈ তাত ডাঙৰ ডাঙৰ কোম্পানী গঢ়ি তুলিছে, বহুতক চাকৰিও দিছে। এই প্ৰতিভাৰ শলাগ নোলোৱাকৈয়ে আমেৰিকাই অৰ্থনৈতিক লাভৰ পৰা বঞ্চিত হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

‘গোল্ড কাৰ্ড’ আঁচনিত এই প্ৰতিভাসকলক আমেৰিকাত থাকিবলৈ আৰু কাম কৰাৰ সুযোগ দিয়া হ’ব। আমেৰিকাত নাগৰিকত্ব লাভৰ বাবে ট্ৰাম্পে ঘোষণা কৰিছে নতুন ‘গোল্ড কাৰ্ড’ প্ৰকল্প। এই কাৰ্ডৰ জৰিয়তে ৫০ লাখ মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত ৪৩ কোটি টকা)ত আমেৰিকাৰ নাগৰিকত্ব ক্ৰয় কৰিব পাৰিব।

ইমান দিনে আমেৰিকাৰ নাগৰিকত্ব ‘গ্ৰীণ কাৰ্ড’ৰ জৰিয়তে লাভ কৰা হৈছিল। ‘গোল্ড কাৰ্ড’ এই ‘গ্ৰীণ কাৰ্ড’ৰ ‘প্ৰিমিয়াম’ সংস্কৰণ বুলি কোৱা হৈছে।

Exit mobile version