Uttar Pradesh Incident: শিক্ষয়ত্ৰীৰ প্ৰহাৰত দৃষ্টি শক্তি হেৰুৱালে তৃতীয় শ্ৰেণীৰ ছাত্ৰীয়ে !

moradanbad

Uttar Pradesh Incident:

দুৰ্ভাগ্যজনক ! শিক্ষয়ত্ৰীৰ প্ৰহাৰত দৃষ্টি শক্তি হেৰুৱাইছে তৃতীয় শ্ৰেণীৰ এজন শিক্ষাৰ্থীয়ে । উত্তৰ প্ৰদেশৰ মোৰাদাবাদত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা । তৃতীয় শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ অভিভাৱকৰ অভিযোগ বিদ্যালয়ত কিশোৰীক প্ৰহাৰৰ পাছতে তেওঁ দৃষ্টি শক্তি হেৰুৱাইছে। ইতিমধ্যে শিক্ষা বিভাগে ঘটনাটোৰ তদন্তৰ বাবে এখন সমিতি গঠন কৰিছে।

নাবালক গৰাকীৰ অভিভাৱকে জিলা দণ্ডাধীশৰ ওচৰত এটা অভিযোগ দাখিল কৰিছে। অভিযোগ অনুসৰি ভোগপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গীতা কাৰালে তেওঁৰ জীয়েকক গুৰুতৰভাৱে প্ৰহাৰ কৰাত তেওঁ এটা চকুৰ দৃষ্টি শক্তি হেৰুৱালে। ইয়াৰ ওপৰিও একাধিক আঘাটো আছে ।

অৱশ্যে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে সকলো অভিযোগ অস্বীকাৰ কৰিছে । তেওঁ জনাই যে ছাত্ৰী গৰাকীৰ আগৰ পৰাই চকুৰ সমস্যা আছিল।

Exit mobile version