China:
জাপানৰ জনসংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাইছে। যোৱা বছৰত জাপানত জন্মৰ হাৰ সৰ্বনিম্ন পৰ্যায়ত উপনীত হৈছিল।২০২৪ বৰ্ষত দেশখনত মাত্র ৭,২০,৯৮৮ টা শিশুৰ জন্ম হৈছিল । ২০২৩ বৰ্ষৰ তুলনাত ২০২৪ বৰ্ষত জাপানত জন্মৰ হাৰ পাঁচ শতাংশ হ্রাস পালে।
তথ্য অনুসৰি বিগত ১২৫ বছৰত ২০২৪ বৰ্ষত দেশখনৰ জন্মৰ হাৰ সৰ্বনিম্ন আছিল। জাপানৰ স্বাস্থ্য মন্ত্রণালয়ে সদৰী কৰা অনুসৰি একেৰাহে নৱম বৰ্ষ ধৰি জাপানত জন্মৰ হাৰ অৱনতি অব্যাহত আছে । জাপান চৰকাৰে জন্মৰ হাৰ বৃদ্ধিৰ বাবে একাধিক পদক্ষেপ গ্রহণ কৰাৰ লগতে বিবাহিত লোকসকলক সন্তান জন্ম দিবলৈ আর্থিক সাহায্য প্রদানো ঘোষণা কৰিছে।
কিন্তু এনে পদক্ষেপ গ্ৰহণৰ পাছতো দেশখনত জন্মৰ হাৰ বৃদ্ধি পোৱা নাই। চীনৰ পাছত জনসংখ্যা হ্ৰাসৰ সমস্যাত আক্ৰান্ত হৈছে জাপান । ২০২৩ বৰ্ষত জাপানত পাঁচ লাখৰো কম বিবাহ সম্পন্ন হৈছিল। ৯০ বছৰৰ পাছত দেশখনত ২০২৩৩ বিবাহৰ সংখ্যা সর্বনিম্ন আছিল। বিবাহৰ সংখ্যা হ্ৰাসৰ ফলত জাপানৰ জনসংখ্যা হ্রাস অব্যাহত আছে।