H5N1 Flu:এইবাৰ বার্ড ফ্লুত আক্ৰান্ত মেকুৰী ! বিয়পিব পাৰে নেকি মালিকৰ দেহত ?

cat mp

H5N1 Flu:

এইবাৰ মেকুৰীৰ শৰীৰত পোৱা গ’ল বাৰ্ড ফ্লু ভাইৰাছ। মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা জিলাত কেবাটাও মেকুৰীৰ দেহত পোৱা গৈছে এই H5N1 ভাইৰাছ । প্ৰথমবাৰৰ বাবে এই পোহনীয়া জন্তুৰ শৰীৰত পোৱা গ’ল এইচ৫এন১ ভাইৰাছ । অৱশ্যে, এয়া সকাহৰ বিষয় যে কোনো ক্ষেত্ৰতে মেকুৰীৰ মালিকসকল এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা নাই।

ADVERTISEMENT

তথ্য অনুসৰি এতিয়ালৈকে তিনিৰ পৰা চাৰিটা মেকুৰীৰ মালিকক এই পৰীক্ষা কৰা হৈছে। কিন্তু কাৰো শৰীৰত এই ভাইৰাছ পোৱা নগ’ল। প্ৰসংগক্ৰমে তেলেংগানাৰ অন্ধ্ৰপ্ৰদেশত বাৰ্ড ফ্লুৰ আতংক বৃদ্ধি পাইছে। যদিও ৰাজ্যিক পশুপালন বিভাগে বংগত এতিয়ালৈকে বাৰ্ড ফ্লুক লৈ আতংকিত হোৱা একো নাই বুলি আশ্বাস দিছে যদিও ৰাজ্যৰ সকলো চিৰিয়াখানাতে নিষিদ্ধ কৰা হৈছে কুকুৰা।

উল্লেখ্য যে,কেৱল কুকুৰাই নহয়, যোৱা জানুৱাৰী মাহত বাৰ্ড ফ্লু ভাইৰাছত আক্ৰান্ত হৈ এটা বাঘৰো মৃত্যু হয় । মহাৰাষ্ট্ৰৰ নাগপুৰত তিনিটা বাঘ আৰু এটা নাহৰফুটুকী মৃত্যুত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। মৃত্যুৰ কাৰণ সন্দেহ হোৱাত নমুনা লেবলৈ প্ৰেৰণ কৰা হয়।

ৰিপৰ্ট ওলোৱাৰ পাছতে পোহৰলৈ আহিল যে জীৱ-জন্তুবোৰৰ মৃত্যুৰ কাৰণ হৈছে বাৰ্ড ফ্লু। ইয়াৰ পাছতে জাৰি কৰা হয় ৰেড এলাৰ্ট।

Exit mobile version