Malaysia:
মালয়েছিয়াত কুকুৰক অত্যাচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় এজন বাংলাদেশী লোক । দেশখনৰ জোহোৰ অঞ্চলৰ সেনাইত সংঘটিত হৈছে এই ঘটনা। কুকুৰক অত্যাচাৰ কৰাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পাছতে ৪৫ বছৰীয়া বাংলাদেশী ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
মালয়েছিয়াৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কুকুৰৰ নিৰ্যাতনৰ ১৪ ছেকেণ্ডৰ ভিডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত এজন লোকে কুকুৰ এটাক খেদি খেদি অচিনাক্ত কঠিন বস্তুৰে আঘাত কৰা দেখা গৈছে। প্ৰাথমিক অনুসন্ধান অনুসৰি, ঘটনাটো সোমবাৰে (২৪ ফেব্ৰুৱাৰী) দুপৰীয়া ১:০৯ বজাত সেনাই অঞ্চলৰ এখন দোকানত সংঘটিত হয়।
উল্লেখ্য যে এক বিবৃতিত, এচিপিয়ে জনাই যে আৰক্ষীয়ে এজন স্থানীয় ব্যক্তিৰ পৰা প্ৰতিবেদন পোৱাৰ পাছত তদন্ত আৰম্ভ কৰে। তাৰ পাছতে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয় আৰু দণ্ডবিধিৰ ১১৭ ধাৰাৰ অধীনত ৰিমাণ্ডৰ বাবে কুলাই দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়।
দণ্ডবিধিৰ ৪২৮ ধাৰা আৰু পশু কল্যাণ আইন ২০১৫ৰ ২৯ (১) (ক) ধাৰাত তদন্ত অব্যাহত আছে। যদি অভিযোগ প্ৰমাণিত হয় তেন্তে সৰ্বোচ্চ শাস্তি হ’ল তিনি বছৰৰ কাৰাদণ্ড আৰু জৰিমনা। আইন অনুসৰি এই অপৰাধৰ বাবে ২০ হেজাৰ ৰিংগিটৰ পৰা এক লাখ ৰিংগীটলৈকে জৰিমনা বিহা হয় ।