Uttarakhand Avalanche:বদ্ৰীনাথৰ সমীপত প্ৰচণ্ড তুষাৰপাত !

হিমস্খলনত আৱদ্ধ প্ৰায় ৫০ জন শ্রমিক

uttarkhand

Uttarakhand Avalanche:

উত্তৰাখণ্ডৰ বদ্ৰীনাথৰ সমীপত প্ৰচণ্ড তুষাৰপাত। ভাৰত-চীন সীমান্তৰ সমীপৰ মানা গাঁৱত তুষাৰপাতৰ ফলত হোৱা হিমস্খলনৰ ফলত কমেও ৫৭ জন শ্ৰমিক আবদ্ধ হৈ পৰে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এতিয়ালৈকে ধ্বংসাৱশেষৰ তলৰ পৰা ১০ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে । উল্লেখ্য যে,উত্তৰাখণ্ডৰ চামোলী জিলাৰ মানা গাঁৱত হঠাতে হিমস্খলনৰ হয় । সেই সময়ত, কেইবাজনো শ্ৰমিকে গাওঁখনৰ ৰাস্তাত কাম কৰি আছিল আৰু হঠাতে হোৱা হিমস্খলনৰ ফলত তেওঁলোক আৱদ্ধ হৈ পৰে।

ৰাজ্যখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। উদ্ধাৰ অভিযানত ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) আৰু সীমান্ত পথ সংস্থাৰ (বিআৰঅ’) জোৱানও আছে । বি.আৰ.ও.-ৰ এজন অভিযন্তা চি.আৰ. মীনাই জনাই যে ঘটনাটো এটা বি.আৰ.ও. শিবিৰৰ ওচৰত সংঘটিত হৈছে । অৱশ্যে, প্ৰতিকূল বতৰৰ বাবে, উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হয়।

আনহাতে, নিৰন্তৰ প্ৰচণ্ড তুষাৰপাতৰ ফলত জম্মু-কাশ্মীৰো ক্ষতিগ্ৰস্ত হৈছে। শুক্ৰবাৰে পুৱাৰ পৰা জম্মু আৰু কাশ্মীৰৰ বৃহৎ অংশত তুষাৰপাত আৰম্ভ হৈছে। তুষাৰপাতৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে। বানিহাল আৰু কাজিগুণ্ডৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত প্ৰচণ্ড বৰফ জমা হৈছে, যাৰ ফলত যানবাহনৰ চলাচল বন্ধ কৰিবলৈ বাধ্য হয়।

জম্মু-কাশ্মীৰৰ লগতে হিমাচল প্ৰদেশৰ লাহৌল আৰু স্পিতিতো প্ৰচণ্ড তুষাৰপাত হৈছে। আৰক্ষীয়ে দুয়োটা অঞ্চলতে হিমস্খলনৰ সতৰ্কবাণী দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, বতৰৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version